ETV Bharat / elections

ধুবুৰীত শান্তিপূৰ্ণভাৱে সম্পন্ন ভোটগ্ৰহণ - ৭৯.৫৮ শতাংশ ভোটদান

ধুবুৰী মহকুমাৰ ৩টাকৈ সমষ্টিৰ ৭৩২ টা ভোটকেন্দ্ৰত শান্তিপূৰ্ণভাৱে সমাপ্ত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া । সন্ধিয়া পাঁচ বজালৈকে ৭৯.৫৮ শতাংশ ভোটদান সমাপ্ত কৰা হয় । ধুবুৰী লোকসভাৰ সমষ্টিৰ পৰা মুঠ ১৫ গৰাকী প্ৰাৰ্থীয়ে এইবাৰ লোকসভা নিৰ্বাচনত অংশগ্ৰহণ কৰিছে ।

VOTING ENDED PEACEFULLY
author img

By

Published : Apr 23, 2019, 10:32 PM IST

ধুবুৰী, ২৩ এপ্ৰিল: ধুবুৰীত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নোহোৱাকৈয়ে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সমাপ্ত হৈছে । সন্ধিয়া পাঁচ বজালৈকে ৭৯.৫৮ শতাংশ ভোটদান সম্পন্ন কৰা হয় ৭৩২ টা ভোটকেন্দ্ৰত । কোনো কোনো ঠাইত ইভিএম মেছিন বিকল হৈছিল যদিও জিলা প্ৰশাসনৰ তৎপৰতাত সুকলমে সমস্যাৰ সমাধান কৰা হয় ।

VOTING ENDED PEACEFULLY

ইপিনে ভোটগ্ৰহণ সম্পন্ন হোৱাৰ লগে লগে প্ৰিজাইডিং আৰু পলিং বিষয়াসকলে ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত থকা ষ্ট্ৰং ৰূমত ইভিএম মেছিনসমূহ জমা দিবলৈ আৰম্ভ কৰিছে । উল্লেখ্য যে, ধুবুৰী লোকসভাৰ সমষ্টিৰ পৰা মুঠ ১৫ গৰাকী প্ৰাৰ্থীয়ে এইবাৰ লোকসভা নিৰ্বাচনত অংশগ্ৰহণ কৰিছে ।

Intro: ধুবুৰীত শান্তিপূৰ্ণ ভাবে ভোট গ্ৰহণ সম্পন্ন। সন্ধিয়া পাঁচ বজালৈকে ভোটদান হল ৭৯.৫৮ শতাংশ।

Body: হয়, কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা বা অপ্ৰীতিকৰ ঘটনা নোহোৱাকৈ সম্পন্ন হল ভোট গ্ৰহণ। ঠায়ে ঠায়ে দুই এটা এটিএম বিকল হৈছিল যদিওঁ জিলা প্ৰশাসনে তৎপতাৰে সমাধান কৰাৰ ফলত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই। জিলা প্ৰশাসনে জনোৱা মতে আবেলি পাঁচ বজালৈকে সম্পন্ন হোৱা ভোটদান অনুসৰি মুঠ ভোটাৰৰ ৭৯.৫৮ শতাংশ ভোটদান হৈছে। যদিওঁ পৰৱৰ্তী সময়ত এই ভোট দানৰ হাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
ইপিনে ভোট গ্ৰহণ সম্পন্ন হোৱাৰ লগে লগে প্ৰিজাইডিং বিষয়া আৰু পলিং বিষয়া সকলে ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত থকা ষ্ট্ৰং ৰূমত জমা দিবলৈ আৰম্ভ কৰিছে।

Conclusion: মুঠৰ ওপৰত ধুবুৰী লোকসভাৰ মুঠ ১৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হল ইভিএমত।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.