নলবাৰী,২১ এপ্ৰিল : দেওবাৰে বৰক্ষেত্ৰীৰ মুকালমুৱাস্থিত দেশভক্ত মৈদানত উপস্থিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ শ্বাহ নৱাজ হুছেইন । ৭ নং গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাৰ হৈ প্ৰচাৰ চলাবলৈ হুছেইনে এখন বিশাল জনসভাত অংশগ্ৰহণ কৰে । সভাত ৰাষ্ট্ৰীয় নেতা গৰাকীয়ে অংশ গ্ৰহণ কৰি কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে-"বিজেপি সাম্প্ৰদায়িক নহয়, কংগ্ৰেছে অপপ্ৰচাৰ চলাইছে"। বিজেপিয়ে কেতিয়াও আজান আৰু মুছলমানৰ ৰাজনীতি কৰা নাই আৰু নকৰেও । লগতে, বিজেপি সাম্প্ৰদায়িক হ’লে তেওঁ কেন্দ্ৰীয় মন্ত্ৰী হ’ব নোৱাৰিলো হয় বুলি মন্তব্য কৰি পুনৰ মোডী প্ৰধানমন্ত্ৰী হ’ব আৰু বিজেপি প্ৰাৰ্থী কুইন ওজাৰ জয় নিশ্চিত বুলি মন্তব্য কৰে ।
সভাত ৰাষ্ট্ৰীয় নেতা শ্বাহ নৱাজৰ লগতে সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মুক্তাৰ হুছেইন,বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা,নলবাৰী জিলা সভাপতি বনদ্বীপ ডেকা উপস্থিত থাকে ।