ETV Bharat / elections

কৰিমগঞ্জৰ ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত সাংসদ ৰাধেশ্যাম বিশ্বাস - কৰিমগঞ্জ লোকসভা সমষ্টি

কৰিমগঞ্জৰ পুনৰ নিৰ্বাচন অনুষ্ঠিত হোৱা ভোটকেন্দ্ৰত উপস্থিত হয় সমষ্টিটোৰ বৰ্তমানৰ সাংসদ এ আই ইউ ডি এফ দলৰ জ্যেষ্ঠ নেতা ৰাধেশ্যাম বিশ্বাস

ৰাধেশ্যাম বিশ্বাস
author img

By

Published : Apr 24, 2019, 12:16 PM IST

কৰিমগঞ্জ, 24 এপ্ৰিলঃ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সময়তে ব্যাপক বিসংগতি ধৰা পৰা কৰিমগঞ্জৰ চাৰিটাকৈ ভোটকেন্দ্ৰত উপস্থিত হয় সমষ্টিটোৰ বৰ্তমানৰ সাংসদ ৰাধেশ্যাম বিশ্বাস ৷ নিৰ্বাচনী আয়োগৰ নিৰ্দেশনা অনুসৰি, বুধবাৰে ৰাতিপুৱাৰে পৰা কেন্দ্ৰ চাৰিটাত ভোটগ্ৰহণ প্ৰক্ৰিয়া পুনৰ আৰম্ভ হৈছে আৰু ভোটাৰ ৰাইজক উৎসাহ প্ৰদান কৰিবলৈ এইদৰে ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হয় সাংসদগৰাকী ৷

ৰাধেশ্যাম বিশ্বাস

ভোটকেন্দ্ৰত উপস্থিত হৈয়ে সাংবাদিকৰে সৈতে বাৰ্তালাপত মিলিত হয় সাংসদ ৰাধেশ্যাম বিশ্বাস ৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এইবাৰৰ মুল যুঁজ বিজেপিৰ সৈতে হ'ব যদিও যোৱাবাৰৰ তুলনাত এইবাৰ আৰু অধিক ভোটত বিজয়ী হ'বলৈ সক্ষম হ'ব বুলি কয় ৰাধেশ্যাম বিশ্বাসে ৷ ইয়াৰ কাৰণ বিজেপিৰ সবকা সাথ সবকা বিকাশ নেহী হুৱা হে বুলি উল্লেখ কৰে সাংসদগৰাকীয়ে ৷ আনহাতে স্থানীয় ভোটাৰ ৰাইজে প্ৰকাশ কৰা অনুসৰি প্ৰথমবাৰৰ তুলনাত এইবাৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰৰ উপস্থিতি কিছু সেৰেঙা ৷ নিৰ্বাচনী বিষয়াৰ ভুলৰ বাবেই এইদৰে ৰাইজে হাৰাশাস্তি খাবলগীয়া হোৱাৰ বাবে বহুসংখ্যক ভোটাৰে পুনৰ নিৰ্বাচনত ভোটদান কৰিবলৈয়ে নাহিল বুলি উল্লেখ কৰে এগৰাকী যুৱ ভোটাৰে ৷

উল্লেখ্য যে, নিৰ্বাচনী আয়োগে পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰা কেন্দ্ৰ চাৰিটা হৈছে ক্ৰমে,105নং বাটইয়া, 134 নং গন্দৰ্ভখানি, 152নং আৰু 153নং আতানগৰ কেন্দ্ৰ ৷ ইতিমধ্যে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে এক শান্তিপূৰ্ণ পৰিৱেশত কেন্দ্ৰকেইটাত ভোটগ্ৰহণ চলি আছে ৷ তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অন্ত পৰাৰ লগে লগে নিৰ্বাচনী আয়োগে কেন্দ্ৰ চাৰিটাত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশনা প্ৰদান কৰিছিল ৷

Intro:MP and Others public byte about Re polling Body:MP and Others public byte about Re polling Conclusion:MP and Others public byte about Re polling
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.