ETV Bharat / elections

বৰপেটাৰোডত সংবাদ মেল সম্বোধন শব্দ ৰাভাৰ

author img

By

Published : Apr 13, 2019, 3:28 PM IST

কোকৰাঝাৰ লোকসভা সমষ্টিৰ কংগ্ৰেছী প্ৰাৰ্থী শব্দই ৰাভাই শনিবাৰে বৰপেটাৰোডত এক সংবাদমেল সম্বোধন কৰে ৷

সংবাদ মেল সম্বোধন শব্দ ৰাভাৰ

বৰপেটাৰোড, 13 এপ্ৰিলঃ কোকৰাঝাৰ লোকসভা সমষ্টিৰ কংগ্ৰেছী প্ৰাৰ্থী শব্দ ৰাভাই শনিবাৰে বৰপেটাৰোডত এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদ মেলত বিজেপিক সাম্প্ৰদায়িক দল বুলি উল্লেখ কৰি কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিপিএফৰ প্ৰমীলা ৰাণী ব্ৰহ্ম আৰু এবছু সমৰ্থিত ইউপিপিএলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়াক সমালোচনা কৰে কংগ্ৰেছ প্ৰাৰ্থী শব্দৰাম ৰাভাই ৷ বিটিচি চুক্তি পুনৰীক্ষণ আৰু বি টি এডিত বসবাস কৰা অবড়ো লোক সকলৰ অধিকাৰ সংসদৰ মজিয়াত বলিষ্ঠ ভাৱে উত্থাপন কৰাৰ শ্লোগানেৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱা বুলি মন্তব্য কৰে কংগ্ৰেছী প্ৰাৰ্থীগৰাকীয়ে ৷

সংবাদ মেল সম্বোধন শব্দ ৰাভাৰ

এইবেলিৰ নিৰ্বাচন ভাৰতবৰ্ষৰ জনসাধাৰণৰ এক জটিল নিৰ্বাচন বুলি উল্লেখ কৰি কংগ্ৰেছ প্ৰাৰ্থী শব্দৰাম ৰাভাই কয় সাম্প্ৰদায়িক বিজেপি/ আৰ এছ এছে সমগ্ৰ দেশতে এক ঘৃণাৰ ৰাজনীতি বিয়পাইছে ৷ সেয়ে দেশত সংবিধান বৰ্তাই ৰাখিবৰ বাবে সাম্প্ৰদায়িক শক্তিক পৰাভূত কৰিবই লাগিব ৷ লগতে বিটিএডিত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকক জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে কংগ্ৰেছ প্ৰাৰ্থী শব্দৰাম ৰাভাই ৷ দিল্লীত কংগ্ৰেছৰ চৰকাৰ গঠন হোৱাৰ ছমাহৰ ভিতৰত ছয় জাতি জনগোষ্ঠীক জনজাতি কৰণ কৰা হ'ব বুলিও কয় কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে ৷

সংবাদ মেলত কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে কয় যে, বিটিএডিত বি পি এফে সংঘাতৰ শাসন চলাইছে ৷ বিটিএডিত যেতিয়ালৈকে সংঘাত থাকিব তেতিয়ালৈকে বিকাশ নহয় ৷ সংঘাতৰ অৱসান ঘটাই শান্তি-সম্প্ৰীতিৰে বিটিএডিত বিকাশৰ লগতে সম অধিকাৰ আৰু সম উন্নয়ন হ'ব ৷

সংবাদ মেলত কংগ্ৰেছ প্ৰাৰ্থী শব্দৰাম ৰাভাই আৰু কয় দিল্লীত কংগ্ৰেছৰ চৰকাৰ হলে হাগ্ৰামা মহিলাৰীৰ দূৰ্নীতিৰ তদন্ত কৰি বিটিএডিত বসবাস কৰা অনাবড়ো লোক সকলক ন্যায় প্ৰদান কৰিব ৷ কোকৰাঝাৰৰ বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়াই বিগত পাঁচ বছৰত সাংসদ পুজিৰ ২৫ কোটি টকা ক'ত খৰচ কৰিল প্ৰশ্ন উত্থাপন কৰে শব্দ ৰাভাই ৷ নৱ কুমাৰ শৰণীয়াই কমিছনৰ ছিণ্ডিকেট গঢ়ি তোলা বুলি অভিযোগ কৰি কোকৰাঝাৰৰ লোকসভা সমষ্টিৰ ভোটাৰৰ মাজত নৱ কুমাৰ শৰণীয়াৰ অন্য নাম "৬০/৪০" চৰ্চিত হৈছে বুলি বুলিও মন্তব্য কৰে শব্দৰাম ৰাভাই ৷ কোকৰাঝাৰ লোকসভাৰ সকলো বড়ো লোকে বড়োলেণ্ড নিবিচাৰে বুলি উল্লেখ কৰি বহু বড়ো সম্প্ৰদায়ৰ লোকে বিটিএডিত কংগ্ৰেছ দলক সমৰ্থন কৰিছে বুলিও মন্তব্য কৰে কংগ্ৰেছ প্ৰাৰ্থী শব্দৰাম ৰাভাই ৷

Intro:সংবাদ মেলত সাম্প্ৰদায়িক দল বিজেপিক তীব্ৰ সমালোচনা কৰি কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোটৰ প্ৰাৰ্থী বি পি এফৰ প্ৰমীলা ৰাণী ব্ৰহ্ম এবছু সমৰ্থিত ইউ পি পি এলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়াক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ প্ৰাৰ্থী শব্দৰাম ৰাভাই ৷ বিটিচি চুক্তি পূনৰীক্ষণ আৰু বি টি এডিত বসবাস কৰা অনাবড়ো লোক সকলৰ অধিকাৰ সংসদৰ মজিয়াত বলিষ্ঠ ভাৱে উত্থাপন কৰাৰ শ্লোগানেৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱা বুলি মন্তব্য কৰে ৷Body:এইবেলিৰ নিৰ্বাচন ভাৰতবৰ্ষৰ জনসাধাৰণৰ এক জটিল নিৰ্বাচন বুলি উল্লেখ কৰি কংগ্ৰেছ প্ৰাৰ্থী শব্দৰাম ৰাভাই কয় সাম্প্ৰদায়িক বিজেপি/ আৰ এছ এছে সমগ্ৰ দেশতে এক ঘৃণাৰ ৰাজনীতি বিয়পাইছে ৷ সেয়ে দেশত সংবিধান বৰ্তাই ৰাখিবৰ বাবে সাম্প্ৰদায়িক শক্তিক পৰাভূত কৰিবই লাগিব বুলি কয় ৷ লগতে বিটিএডিত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকক জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে কংগ্ৰেছ প্ৰাৰ্থী শব্দৰাম ৰাভাই ৷ লগতে দিল্লীত কংগ্ৰেছৰ চৰকাৰ গঠন হোৱাৰ ছমাহৰ ভিতৰত ছয় জাতি জনগোষ্ঠীক জনজাতি কৰণ কৰা হব বুলিও কয় কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে ৷
সংবাদ মেলত কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে কয় বি টি এ ডিত বি পি এফে সংঘাতৰ শাসন চলাইছে বুলি অভিযোগ উত্থাপন কৰি কয় বি টি এ ডিত যেতিয়ালৈকে সংঘাত থাকিব তেতিয়ালৈকে বিকাশ নহয় ৷ সংঘাতৰ অৱসান ঘটাই শান্তি সম্প্ৰতিৰ যোগেদিহে বি টি এ ডিত বিকাশ সম্ভৱ হব আৰু তেতিয়াহে বিটিএডিত সম অধিকাৰ সম উন্নয়ন হব ৷ সেয়ে এইবেলি কোকৰাঝাৰত কংগ্ৰেছ প্ৰাৰ্থীৰ বিজয় নিশ্চিত বুলিও দাবী কৰে কংগ্ৰেছ প্ৰাৰ্থী শব্দৰাম ৰাভাই ৷Conclusion:সংবাদ মেলত কংগ্ৰেছ প্ৰাৰ্থী শব্দৰাম ৰাভাই আৰু কয় দিল্লীত কংগ্ৰেছৰ চৰকাৰ হলে হাগ্ৰামা মহিলাৰীৰ দূৰ্নীতিৰ তদন্ত কৰি বি টি এ ডিত বসবাস কৰা অনাবড়ো লোক সকলক ন্যায় প্ৰদান কৰিব ৷ কোকৰাঝাৰৰ বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়াই বিগত পাচ বছৰত সাংসদ পুজিৰ ২৫ কোটি টকা কত খৰচ কৰিল প্ৰশ্ন উত্থাপন কৰি কয় নৱ কুমাৰ শৰণীয়াই কমিছনৰ চিণ্ডিকেট গঢ়ি তোলা বুলি অভিযোগ কৰি কোকৰাঝাৰৰ লোকসভা সমষ্টিৰ ভোটাৰৰ মাজত নৱ কুমাৰ শৰণীয়াৰ অন্যনাম "৬০/৪০" ( Sixty Forty ) চৰ্চিত হৈছে বুলি বুলিও মন্তব্য কৰে শব্দৰাম ৰাভাই ৷ কোকৰাঝাৰ লোকসভাৰ সকলো বড়ো লোকে বড়োলেণ্ড নিবিচাৰে বুলি উল্লেখ কৰি বহু বড়ো সম্প্ৰদায়ৰ লোকে বি টি এ ডিত কংগ্ৰেছ দলক সমৰ্থন কৰিছে বুলিও মন্তব্য কৰে কংগ্ৰেছ প্ৰাৰ্থী শব্দৰাম ৰাভাই ৷

Abdul Khaleque Ahmed Etv Bharat
Barpeta road 9957907059
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.