ডিব্ৰুগড়, 11 এপ্ৰিলঃ যোৰহাট লোকসভা সমষ্টিত ভোটাধিকাৰ সাব্যস্ত কৰিছে এগৰাকী 104 বছৰীয়া বৃদ্ধাই ৷ বৃদ্ধাগৰাকীৰ নাম লক্ষী পাল ৷ লক্ষী পালে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৪০ নং ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান সাব্যস্ত কৰে ৷
এই বৃদ্ধা মহিলাগৰাকীৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ অহা-যোৱাৰ সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰি দিছে মাহমৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াগৰাকীয়ে ৷