ETV Bharat / elections

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অন্ত পৰাৰ পূৰ্বে ধুবুৰীত বিশাল পথ সভা বিজেপিৰ

author img

By

Published : Apr 21, 2019, 9:24 AM IST

দেওবাৰে বিয়লি নিৰ্বাচনী প্ৰচাৰ অন্ত পৰাৰ পূৰ্বে ধুবুৰীত তীব্ৰতৰ হৈ উঠিছে নিৰ্বাচনী প্ৰচাৰ। পথ সভাত অংশগ্ৰহণ মন্ত্ৰী ৰঞ্জিৎ দত্ত আৰু মন্ত্ৰী কেশৱ মহন্তৰ ।

ধুবুৰীত বিশাল ৰ'ড শ্ব'

ধুবুৰী,২১ এপ্ৰিলঃ দেওবাৰে বিয়লি অন্ত পৰিব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ। ধুবুৰী লোকসভা সমষ্টিত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ প্ৰচাৰৰ প্ৰাক্ মূহুৰ্তত অৰ্থাৎ শনিবাৰে নিশা ৯ বজাত বিলাসীপাৰাত এক পথসভাত অংশগ্ৰহণ কৰে মন্ত্ৰী ৰঞ্জিৎ দত্ত আৰু মন্ত্ৰী কেশৱ মহন্তই । আকৌ এবাৰ মোদী চৰকাৰ শীৰ্ষক শ্ল'গান লৈ মন্ত্ৰী দুগৰাকীয়ে পথসভাত অংশগ্ৰহণ কৰে বিলাসীপাৰা চহৰৰ মূল পথত। বিজেপি, বিপিএফ আৰু অগপ মিত্ৰ জোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই শ্ব' মন্ত্ৰীদ্বয়ে ।

ধুবুৰীত বিশাল ৰ'ড শ্ব'

স্থানীয় বিজেপিৰ বিধায়ক অশোক কুমাৰ সিংহীৰ তৎপৰতাত আয়োজিত পথসভাত ভাগ লৈ মন্ত্ৰী ৰঞ্জিৎ দত্তই কয় যে " বিলাসীপাৰাৰ মানুহে পৰিৱৰ্তন বিচাৰিছে, চৰাঞ্চলৰ মানুহে পৰিৱৰ্তন বিচাৰিছে, গতিকে এইবাৰৰ নিৰ্বাচনত বদৰুদ্দিন আজমলক নহয় মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামক ভোট প্ৰদান কৰিব । জাভেদ ইছলাম ২ লাখ ভোটৰ ব্যৱধানত সমষ্টিটোৰ পৰা জয়ী হ'ব। কিয়নো সমাজে এতিয়া পানী জৰা ফুকা নহয় মেডিকেল কলেজ বিচাৰে, পৰিৱৰ্তন বিচাৰিছে | সেয়ে আজমলৰ পৰাজয় নিশ্চিত ।" আনহাতে মন্ত্ৰী কেশৱ মহন্তই উন্নয়নৰ স্বাৰ্থত জাভেদ ইছলামক বিপুল ভোটত জয়ী কৰাবলৈ ৰাইজক আহ্বান জনায়। কেইবা হাজাৰ দলীয় নেতা কৰ্মী, সমৰ্থকক লৈ উলিওৱা মিত্ৰ জোঁটৰ এই পথসভাত মন্ত্ৰীদ্বয়ে ককাল ঘূৰাই নৃত্য কৰাও পৰিলক্ষিত হয় ।

Intro:A. I - ধুবুৰী লোকসভা সমষ্টিত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হবলগীয়া নিৰ্বাচনৰ প্ৰচাৰৰ আজি অন্ত পৰিব | ইয়াৰ প্ৰাক্ মূহুৰ্তত অৰ্থাৎ শনিবাৰে নিশা ৯ বজাত বিলাসীপাৰাত এক ৰোড শ্ব'ত অংশ গ্ৰহন কৰে অসম চৰকাৰৰ সংখ্যা লঘু উন্নয়ন মন্ত্ৰী ৰঞ্জিৎ দত্ত আৰু জল সম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই | আকৌ এবাৰ মোদী চৰকাৰ শীৰ্ষক শ্ল'গান লৈ মন্ত্ৰী দ্বয়ে বিলাসীপাৰা চহৰৰ মুল পথেৰে ৰোড শ্ব' কৰে |Body:বিজেপি, বিপিএফ আৰু অগপ মিত্ৰ জোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ এই ৰোড শ্ব' মন্ত্ৰী দ্বয়ৰ | স্থানীয় বিজেপিৰ বিধায়ক অশোক কুমাৰ সিংহীৰ তৎপৰতাত আয়োজিত ৰোড শ্ব'ত ভাগ লৈ মন্ত্ৰী ৰঞ্জিৎ দত্তই কয় যে বিলাসীপাৰাৰ মানুহে পৰিবৰ্তন বিচাৰিছে, চৰাঞ্চলৰ মানুহে পৰিবৰ্তন বিচাৰিছে, গতিকে এইবাৰৰ নিৰ্বাচনত বদৰুদ্দিন আজমলক নহয় মিত্ৰ জোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামক ভোট প্ৰদান কৰিব | জাভেদ ইছলাম ২ লাখ ভোটৰ ব্যৱধানত সমষ্টি টোৰ পৰা জয়ী হব | কিয়নো সমাজে এতিয়া পানী জৰা ফুকা নহয় মেডিকেল কলেজ বিচাৰে, পৰিবৰ্তন বিচাছে | সেয়ে আজমলৰ পৰাজয় নিশ্চিত |Conclusion:আনহাতে মন্ত্ৰী কেশৱ মহন্তই কয় যে উন্নয়নৰ স্বাৰ্থত জাভেদ ইছলামক বিপুল ভোটত জয়ী কৰাবলৈ ৰাইজক আহ্বান জনায় |
কেবা হাজাৰ দলীয় নেতা কৰ্মী, সমৰ্থকক লৈ উলিওৱা মিত্ৰ জোঁটৰ এই ৰোড শ্ব'ত মন্ত্ৰী দ্বয়ে কঁকাল ঘুৰাই নৃত্য কৰি ৰূপায়ণ কৰা কাৰ্যসূচীয়ে কিমান সফলতা লাভ কৰিব তাৰ বাবে অপেক্ষা মাথোন কেইটামান ঘন্টা বাকী |
Bite 1 মন্ত্ৰী ৰঞ্জিৎ দত্ত,
2 মন্ত্ৰী কেশৱ মহন্ত |
বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ETV BHARAT ASSAM
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.