ETV Bharat / elections

পৰিৱৰ্তন বিচাৰি ৰাইজে ভোট দিছেঃ ৰিপুন বৰা

author img

By

Published : Apr 24, 2019, 3:01 PM IST

Updated : Apr 24, 2019, 8:37 PM IST

তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন সুকলমে অনুষ্ঠিত হৈ যোৱাৰ পৰৱৰ্তী সময়ত ৰাজীৱ ভৱনত সংবাদমেলৰ আয়োজন প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ

ৰাইজে পৰিৱৰ্তন বিছাৰিয়ে ভোট দিছেঃ ৰিপুন বৰা

গুৱাহাটী, 24 এপ্ৰিলঃ লোকসভা নিৰ্বাচন অন্ত পৰাৰ পাচত বুধবাৰে ৰাজীৱ ভৱনত সংবাদমেলযোগে ৰাইজক ধন্যবাদ জ্ঞাপন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷ ৰিপুন বৰাৰ সৈতে সংবাদমেলত উপস্থিত থাকে গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী ববিতা শৰ্মা আৰু প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য ৷

সংবাদ মেলত অসমৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰি ৰিপুন বৰাই কয় যে, "অসমৰ ৰাইজে পৰিৱৰ্তন বিচাৰি এইদৰে ব্যাপক হাৰে ওলাই আহিছে ৷ সেইবাবে আমি দলৰ হৈ অসমবাসীক ধন্যবাদ জ্ঞাপন কৰিছো৷ ৰাইজে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰৰ পৰিৱৰ্তন বিছাৰিছে ৷ কংগ্ৰেছৰ প্ৰতি ৰাইজে সঁহাৰি জনাই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে ৷ হিমন্ত বিশ্ব শৰ্মা এগৰাকী হতাশগ্ৰস্ত মানুহ ৷ বিজেপিৰ স্থিতি দেখি হতাশাত ভুগি য'তে-ত'তে উদ্ভট নৃত্য প্ৰদৰ্শন কৰিছে ৷ নিৰ্বাচন আয়োগে বিজেপিৰ হৈ কাম কৰিছে, নিৰ্বাচন আয়োগৰ সকলো বিষয়া-কৰ্মচাৰীয়ে বিজেপিৰ হৈয়েই কাম কৰিছে ৷ পশ্চিমবংগত অমিত শ্বাহে কৰা মন্তব্য সম্পূৰ্ণ অসাংবিধানিক ৷ উচ্চতম ন্যায়ালয়ে নিৰীক্ষণ কৰি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ তেওঁৰ মন্তব্য সম্পূৰ্ণ অসাংবিধানিক ৷ আদালত অৱমাননাৰ বাবেই শীঘ্ৰেই উচ্চতম ন্যায়ালয়ে শাসনাধীষ্ঠিত দলটোৰ সভাপতিৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷"

তেওঁ লগতে উল্লেখ কৰে যে, অসমৰ 14খন আসনৰ 10 খনেই কংগ্ৰেছে লাভ কৰিব আৰু গুৱাহাটী লোকসভা সমষ্টিৰ ৰাইজে কংগ্ৰেছ দলৰ পক্ষত ভোটদান কৰিছে ৷

Intro:ৰাজ্যৰ তিনিওটা পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ৰাইজে ব্যাপক হাৰত ভোটদান কৰাৰ বাবে অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰি বিজেপিক তীব্ৰ আক্ৰমণ কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই।

Body:যোৱা ২৩ এপ্ৰিলত ৰাজ্যৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ৰাইজে ব্যাপক হাৰত ভোটদান কৰাৰ বাবে ৰাইজক ধন্যবাদ জ্ঞাপন কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই। বৰাই ৰাজীৱ ভৱনত আজি এক সংবাদমেল অনুষ্ঠিত কৰি কয় ৰাইজে পৰিবৰ্তন বিচাৰি এইদৰে ওলাই আহি ভোট অধিকাৰ সাব্যস্ত কৰিলে। ৰাইজৰ এই সঁহাৰি কংগ্ৰেছ দলৰ সাপেক্ষে থকা বুলি মন্তব্য প্ৰকাশ কৰি ৰিপুন বৰাই কয় বিজেপিৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নৃত্যই বুজাইছে যে বিজেপিৰ স্থিতি ভাল নহয়। হিমন্ত হতাশতাত ভুগিছে বাবে এইদৰে নৃত্য কৰিছে। ৰিপুন বৰাই নিৰ্বাচন আয়োগ বিজেপিৰ হৈ কাম কৰি থকাৰো গুৰুত্বৰ অভিযোগ উত্থাপন কৰে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহক আক্ৰমণ কৰি ৰিপুন বৰাই কয় উচ্চতম ন্যালায়লৰ নিৰীক্ষণত চলি থকা এন আৰ চিৰ কাম কেবা গৃহীত হোৱাৰ পিছতে সম্পূৰ্ণ কৰা হ'ব বুলি অমিত শ্বাহে পশ্চিম বংগত কৰা মন্তব্য বিৰুদ্ধে উচ্চতম ন্যায়ালয়ে তেওঁৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

বাইট : ৰিপুন বৰা

Conclusion:কংগ্ৰেছ দলে এইবাৰ লোকসভা নিৰ্বাচনত অসমত ৮ খনৰ পৰা ১০ আসন লাভ কৰিব বুলিও আশাবাদী আৰু গুৱাহাটী লোকসভা সমষ্টিত ৰাইজে কংগ্ৰেছ দলৰ পৈক্ষত ভোটদান কৰিছে বুলিও মন্তব্য প্ৰকাশ কৰে।
Last Updated : Apr 24, 2019, 8:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.