আজাৰা,২৩ এপ্ৰিলঃ ভোটদানৰ বাবে গুৱাহাটীত উপস্থিত প্ৰাক্তন প্ৰধানমন্ত্ৰী ড0 মনমোহন সিং । দিছপুৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ উপস্থিত হয় প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী।
প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক বৰঝাৰ বিমানবন্দৰত উষ্ম আদৰণী জনালে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । উল্লেখ্য যে, বিমানবন্দৰৰ পৰাই পোনে পোনে দিছপুৰলৈ ৰাওনা হয় প্ৰধানমন্ত্ৰীগৰাকী। জানিব পৰা মতে,ভোটদান কৰি বিয়লিৰ ভাগলৈ উভতিব প্ৰধানমন্ত্ৰী গৰাকী।