নিউজ ডেস্ক, 24 এপ্ৰিলঃ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নাৱিজে মঙলবাৰে মুম্বাইত এক বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে ৷ নিৰ্বাচনী সভাত বিজেপিৰ অন্যতম শক্তিশালী নেতাগৰাকীয়ে বিৰোধী দল কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰে ৷
ভাৰতীয় বায়ু সেনাৰ দ্বাৰা পাকিস্তানৰ বালাকোটকে ধৰি তিনিটাকৈ স্থানত সংঘটিত এয়াৰ ষ্ট্ৰাইক সন্দৰ্ভত কংগ্ৰেছক সমালোচনা কৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ৰাহুল গান্ধীৰ দৰে নেতাই ভাৰতীয় বায়ু সেনাই সংঘটি কৰা এয়াৰ ষ্ট্ৰাইকৰ প্ৰমাণ বিচাৰি কংগ্ৰেছ আৰু পাকিস্তানৰ মাজত থকা সম্পৰ্ক স্পষ্ট কৰি দিছে ৷ বায়ু সেনাৰ দ্বাৰা সংঘটিত এয়াৰ ষ্ট্ৰাইকৰ বিষয়ে আগতীয়াকৈ গম পালে বায়ু সেনাৰ ক্ষেপণাস্ত্ৰৰ সৈতে এগৰাকী কংগ্ৰেছী নেতাক পাকিস্তানলৈ পঠাই দিলে কংগ্ৰেছে নিজে নিজে প্ৰমাণ পালেহেতেন বুলি সভাত উল্লেখ কৰে দেবেন্দ্ৰ ফাড়নাৱিজে ৷