ETV Bharat / elections

যুদ্ধকালীন গতিত চলিছে মোডীৰ জনসভাৰ প্ৰস্তুতি

author img

By

Published : Feb 5, 2021, 10:20 PM IST

7 ফেব্ৰুৱাৰীত শোণিতপুৰত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী ৷ ইতিমধ্যে, সকলো প্ৰস্তুতি সম্পন্ন কৰা হৈছে জনসভাৰ ৷

pm-modi-present-7-february-at-sonitpur
যুদ্ধকালীন গতিত চলিছে মোডীৰ জনসভাৰ প্ৰস্তুতি

ৰঙাপৰা, 5 ফেব্ৰুৱাৰী : 7 ফেব্ৰুৱাৰীত শ্বহীদ নগৰী ঢেকিয়াজুলিত উপস্থিত হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । ইয়াকে লৈ শোণিতপুৰ প্ৰশাসন তথা অসম চৰকাৰ ব্যস্ত হৈ পৰিছে প্ৰস্তুতি সম্পন্ন কৰাত ৷

শুকুৰবাৰে মোডীৰ জনসভাৰ প্ৰস্তুতিৰ বুজ লয় ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংঘালে ৷ জনসভাত যাতে কোনো ধৰণৰ বিজুতি ঘটিব নোৱাৰে তাৰবাবে তন্নতন্নকৈ পৰীক্ষা কৰা হৈছে সকলো প্ৰস্তুতি ৷ বৰ্তমানলৈ প্ৰস্তুতিৰ কিছু কাম বাকী আছে যদিও কম সময়ৰ ভিতৰতে সকলো কাম সমাপ্ত হ'ব বুলি আশা প্ৰকাশ কৰিছে বিধায়ক গৰাকীয়ে ৷

ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংঘালৰ মন্তব্য

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী আগমণৰ উদ্দেশ্যে 6 ফেব্ৰুৱাৰীত সমষ্টিটোৰ সকলো ধৰ্মীয় অনুষ্ঠানত প্ৰায় 2.5 লাখ চাকি জ্বলাব ৷ ঘাইকৈ প্ৰধানমন্ত্ৰী সু-স্বাস্থ্য কামনাৰ উদ্দেশ্যে চাকি জ্বলাব সমষ্টিবাসীয়ে ৷

লগতে পঢ়ক : প্ৰধান শিক্ষকৰ কৌশলগত নিযুক্তি প্ৰক্ৰিয়াৰ বিৰুদ্ধে প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.