ETV Bharat / elections

সমৰ্থকবিহীনভাৱে বিজেপিৰ যুৱ সমাৰোহ অনুষ্ঠিত

author img

By

Published : Feb 18, 2021, 7:19 AM IST

বুধবাৰে গোলকগঞ্জৰ চিলাৰায় ময়দানত অনুষ্ঠিত হয় বিজেপিৰ জিলা যুৱ সমাৰোহ ৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিজেপিৰ যুৱ মৰ্চাৰ অসম প্ৰদেশৰ সভাপতি অনুপ বৰ্মন ৷ গোলকগঞ্জ সমষ্টিত প্ৰাক নিৰ্বাচনী চমক সৃষ্টি কৰাৰ উদ্দেশ্যে আয়োজন কৰা হয় জিলা যুৱ সমাৰোহ ৷ কিন্তু যুৱ সমাৰোহ সমৰ্থকৰ সেৰেঙা উপস্থিতি ৷

বিজেপিৰ যুৱ সমাৰোহত নাই সমৰ্থক
বিজেপিৰ যুৱ সমাৰোহত নাই সমৰ্থক

গোলকগঞ্জ,18 ফেব্ৰুৱাৰীঃ খালী চকী আগত লৈ অনুষ্ঠিত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভা ৷ ধুবুৰীৰ গোলকগঞ্জত অনুষ্ঠিত হৈ যায় বিজেপিৰ যুৱ সমাৰোহ ৷ জনতাৰ সেৰেঙা উপস্থিতিয়ে চিন্তিত কৰি তোলে ভাৰতীয় জনতা পাৰ্টীৰ গোৱালপাৰা জিলা সমিতিক ৷ কিয়নো বুধবাৰে চিলাৰায় ময়দানত অনুষ্ঠিত হৈছিল জিলা বিজেপিৰ যুৱ সমাৰোহ ৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিজেপিৰ যুৱ মৰ্চাৰ অসম প্ৰদেশৰ সভাপতি অনুপ কুমাৰ বৰ্মন ৷ গোলকগঞ্জত প্ৰাক নিৰ্বাচনী চমক সৃষ্টি কৰাৰ উদ্দেশ্যে আয়োজন কৰা হয় এই যুৱ সমাৰোহ ৷ ইমানলৈ ঠিকে আছিল ৷ কিন্তু এই আশাত চেঁচা পানী ঢালিলে গোলকগঞ্জবাসীয়ে ৷ এই সভালৈ আহে সীমিত সংখ্যক লোকহে ৷ নিৰ্বাচনী সভাৰ অধিকাংশ খালী চকীৰ আগত ভাষণ দিবলগা হোৱাত লাজত পৰে বিজেপিৰ যুৱ মৰ্চাৰ অসম প্ৰদেশৰ সভাপতি অনুপ বৰ্মন ৷

বিজেপিৰ যুৱ সমাৰোহত নাই সমৰ্থক
বিজেপিৰ যুৱ সমাৰোহত নাই সমৰ্থক

বিজেপিৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰৰ দখলত থকা সমষ্টিটোত অভাৱ দেখা গ’ল সমৰ্থকৰ ৷ সভাত সমৰ্থকৰ সেৰেঙা উপস্থিতি স্বত্বেও অনুপ বৰ্মনে চৰকাৰৰ বিভিন্ন আঁচনিৰ কথা সদৰী কৰে উপস্থিত ৰাইজৰ আগত ৷ লগতে চৰকাৰে মুকলি কৰা বিভিন্ন আঁচনিৰ বিষয়ে অৱগত কৰিবলে অঞ্চলবাসীৰ ঘৰে ঘৰে গৈ প্ৰচাৰ চলাবলৈ দলীয় কৰ্ম-কৰ্তাক আহ্বান জনায় ৷

বিজেপিৰ যুৱ সমাৰোহত নাই সমৰ্থক
বিজেপিৰ যুৱ সমাৰোহত নাই সমৰ্থক

উল্লেখ্য যে, গোলকগঞ্জত অনুষ্ঠিত বিজেপিৰ যুৱ সমাৰোহত কিন্তু কংগ্ৰেছক সমালেচনা কৰিবলৈ নেৰিলে বিধায়ক অশ্বিনী ৰায় সৰকাৰে ৷ আৰু এনেদৰেই এতিয়া ৰাজ্যত তীব্ৰ গতিত বলিবলৈ আৰম্ভ কৰিছে নিৰ্বাচনৰ গৰম বতাহ ৷

লগতে পঢ়কঃ পিতা-পুত্ৰীৰ সম্পৰ্কক অবৈধ ৰূপত প্ৰকাশ কৰা বাতৰিক লৈ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.