ডিফু,২২ এপ্ৰিল: বোকাজান মহকুমাৰ আৰক্ষী বিষয়া জন দাসৰ এক গোপন খবৰৰ ভিত্তিত খটখটী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মব্লিক ব্ৰহ্ম, এচ আই চৰণ মোহন চেতিয়া আৰু মৃদুল ৰুদ্ৰ পালসহ আৰক্ষীৰ এটা বৃহৎ দলে বৃহস্পতিবাৰে ড্ৰাগছৰ বিৰুদ্ধে এক অভিযান চলায় ৷ আৰক্ষীৰ এই অভিযানত দুজন ড্ৰাগছ সৰবৰাহকাৰী আটক হোৱাৰ লগতে ২৫ টাকৈ চাবোনৰ বাকচত লুকুৱাই অনা ৩১৮ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ড্ৰাগছ সৰবৰাহকাৰী দুগৰাকী ডিমাপুৰৰ নাগেন্দ মাহাতো আৰু বাবলু কুমাৰ ৷
আৰক্ষী সূত্ৰে প্ৰকাশ কৰা অনুসৰি, সৰবৰাহকাৰীয়ে জব্দ কৃত হেৰ’ইনখিনি কোনো অজ্ঞাত ব্যক্তিক যোগান ধৰাৰ উদ্দেশ্যে NL 07 F 9817 নম্বৰৰ এখন অট'ৰিক্সাৰে আনি খটখটী আৰক্ষী থানাৰ অন্তৰ্গত লাহৰিজানস্থিত "ৰাজধানী" নামৰ এখন হোটেলৰ সন্মুখত ৰৈ আছিল । সেই সময়তে আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ দুয়োগৰাকী সৰবৰাহকাৰীক আটক কৰি খটখটী থানালৈ লৈ আনে । জব্দ কৃত হেৰ’ইনখিনিৰ বজাৰমূল্য প্ৰায় ১০ লাখ টকা হ’ব বুলি আৰক্ষীয়ে উল্লেখ কৰে ।
লগতে পঢ়ক : কন্ঠশিল্পী ভিতালী দাসৰ মৃত্যুত শোক প্ৰকাশ জুবিন গাৰ্গৰ