চামগুৰি, 8 জুলাই : ৰাজ্যজুৰি ড্ৰাগছৰ (Drugs) বিৰুদ্ধে অসম আৰক্ষীৰ (Assam Police) অভিযান অব্যাহত আছে । ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) ই মুখ্যমন্ত্ৰী হিচাপে শপত লৈয়ে ড্ৰাগছৰ বিৰুদ্ধে এক প্ৰকাৰ জেহাদ ঘোষণা কৰিছিল ৷ মুখ্যমন্ত্ৰীৰ (Chief minister) নিৰ্দেশত চলিত বছৰটোত বিভিন্ন জিলাত লাখ লাখ টকাৰ ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্য উদ্ধাৰৰ লগতে বহু সৰবৰাহকাৰীক (Drugs Peddler) আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী ।
ইয়াৰ সমান্তৰালকৈ নগাঁও জিলাতো আৰক্ষী অধীক্ষক আনন্দ্ৰ মিশ্ৰৰ নেতৃত্বত তীব্ৰৰ পৰা তীব্ৰতৰ কৰিছে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে অভিযান ৷ আৰক্ষীৰ অভিযানত লাখ লাখ টকাৰ ড্ৰাগছ জব্দ কৰাৰ উপৰিও গ্ৰেপ্তাৰ কৰিছে বহুকেইটা ড্ৰাগছ মাফিয়া ৷ ঠিক একেদৰে মঙলবাৰে নিশা নগাঁও সদৰ আৰক্ষী আৰু ৰূপহী আৰক্ষীৰ যুটীয়া অভিযান চলে নগাঁৱৰ গুণাবাৰীৰ পুঠিখাইটিত ৷
আৰক্ষীৰ উক্ত অভিযানত ১,১১০ টা নিচাজাতীয় কেপচুল, ১,৪৪০ টা নিচাজাতীয় টেবলেট আৰু ৯০ টা নিচাজাতীয় কফ চিৰাপৰ বটল জব্দ কৰে ৷ এই নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ অভিযোগত দুজন যুৱকক আটক কৰে অভিযানকাৰী দলটোৱে । আটকাধীন যুৱক দুজনৰ নাম হৈছে তজমল ইছমাল আৰু আজাদ আলী ।
ধৃত তজমল ইছলাম এই ঘটনাৰ উপৰিও পূৰ্বতে বহুকেইটা ডকাইতি কাণ্ড লগত জড়িত আছিল বুলি আৰক্ষীয়ে সংবাদ মাধ্যমক অৱগত কৰে । আনহাতে, আজাদ আলীয়ে দীৰ্ঘদিন ধৰি অঞ্চলটোত চুৰি কাৰ্যৰ লগতে বহু অপৰাধজনিত কাৰ্যত লিপ্ত আছিল ৷ সম্প্ৰতি দুয়োজন যুৱকক জেল হাজোতলৈ প্ৰেৰণ কৰিছে । অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
ঠিক একেদৰে নগাঁৱৰ মৈৰাবাৰী আৰক্ষীয়ে নিচাজাতীয় দ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে মঙলবাৰে অভিযান চলাই বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ কৰে ৷ ইয়াৰ লগতে এখন বিলাসী গাড়ীসহ 6 গৰাকী ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷ মঙলবাৰে পুৱা মৈৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে পলাহজুৰী গাঁৱৰ আশ্বাদুল ইছলাম নামৰ এজন লোকৰ ঘৰৰ পৰা জব্দ কৰে ব্ৰাউন চুগাৰখিনি ৷
ব্যক্তিজনৰ পৰা ১৪৯.৭৬ গ্ৰাম ব্ৰাউন চুগাৰৰ লগতে ১০০ টা কণ্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে ৷ লগতে নগদ ৫ লাখ ৫৪ হেজাৰ টকা জব্দ কৰে আৰক্ষীয়ে ৷ দীৰ্ঘদিন ধৰি নাগালেণ্ডৰ ডিমাপুৰ, মণিপুৰ, অৰুণাচলৰ পৰা মৈৰাবাৰীলৈ নিষিদ্ধ ড্ৰাগছৰ চোৰাং বেপাৰ চলাই আহিছিল উক্ত ছজনীয়া ড্ৰাগছৰ চক্ৰটোৱে ৷
লগতে পঢ়ক- শিৱসাগৰত ভুৱা মাইক্ৰ’ ফাইনেঞ্চ কোম্পানীৰ দুই বিষয়া আটক