ETV Bharat / crime

ড্ৰাগছৰ কৱলত বৰপেটাঃ আটক দুই ড্ৰাগছ আসক্ত যুৱক - কয়াকুছি গাঁও

ভয়াৱহ ড্ৰাগছে চানি ধৰিছে বৰপেটা ৷ জিলাখনৰ চহৰ অঞ্চলৰ লগতে এতিয়া সংখ্যালঘু অধ্যুষিত ভিতৰুৱা গ্ৰামাঞ্চল সমুহতো মুকলিকৈ গঢ়ি উঠিছে ড্ৰাগছৰ অবাধ বেহা ৷ প্ৰশাসনৰ নিৰ্লিপ্ততাৰ ফলত মুকলিকৈ ড্ৰাগছ লৈ থকাতো স্বাভাৱিক ঘটনাত পৰিণত জিলাখনত ৷

two-drugs-addicted-guy-areested-in-barpeta
ড্ৰাগছৰ কবলত বৰপেটাঃ আটক দুই ড্ৰাগছ আসক্ত যুৱক
author img

By

Published : May 17, 2021, 7:45 PM IST

বৰপেটা, 17 মে ': বৰপেটাৰ সৰ্বত্ৰ মুকলি ড্ৰাগছৰ ঘাটিত পৰিণত হোৱাৰ সময়তে সোমবাৰে বিয়লি বৰপেটাৰ কয়াকুছিত চিৰিঞ্জযোগে শৰীৰত ড্ৰাগছ লৈ থকা অৱস্থাত ধৰা পৰিল দুই ড্ৰাগছ আসক্ত যুৱক ৷ কয়াকুছিত ড্ৰাগছ লৈ থকা যুৱক দুজনক একাংশ লোকে চিৰিঞ্জ আৰু ড্ৰাগছসহ হাতে লোটে ধৰি গটাই দিয়ে কয়াকুছি আৰক্ষীক ৷ আৰক্ষীয়ে জনোৱা মতে, ড্ৰাগছ আসক্ত যুৱক দুজন কয়াকুছি গাঁৱৰ সাহাৰুল ইছলাম আৰু অ'টা গাঁৱৰ আতোৱাৰ ৰহমান ৷

ড্ৰাগছৰ কবলত বৰপেটাঃ আটক দুই ড্ৰাগছ আসক্ত যুৱক

ড্ৰাগছ আসক্ত দুই যুৱকে আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তি মতে, কয়াকুছিৰ সমীপৰ ভক্তৰডবা বজাৰত জেহেৰুল ইছলাম নামৰ ব্যৱসায়ীজনৰ পৰা ক্ৰয় কৰিছিল ড্ৰাগছ ৷ যুৱক দুজনে দিয়া স্বীকাৰোক্তি মতে ভক্তৰডবাৰ লগতে বিভিন্ন স্থানত একাংশ ব্যৱসায়ীয়ে মুকলিকৈ বিক্ৰী কৰি আহিছে বৰবিহ ড্ৰাগছ ৷ স্থানীয় ৰাইজে ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ হবলৈ দাবী জনাইছে ৷

লগতে পঢ়ক : গোৱালপাৰাত চোৰাং কাঠ ভৰ্তি বলেৰ’ পিক আপ ভান জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.