ETV Bharat / crime

ত্ৰিপুৰাত বেংক কৰ্মীক লুন্ঠন, প্ৰহাৰ - অস্ত্ৰধাৰী অচিনাক্ত দুৰ্বৃত্ত

মোহনপুৰ মহকুমাৰ অন্তৰ্গত শংখলা অঞ্চলত বন্ধন বেংকৰ এগৰাকী কৰ্মচাৰীক কেইজনমান অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ চলায় । ঘটনা অনুসৰি, বন্ধন বেংকৰ কৰ্মচাৰী সুমন দেৱনাথে মোহনপুৰৰ চিমনা অঞ্চলস্থিত ভাদ্ৰামানী এডিচি গাঁৱলৈ গৈ থকাৰ সময়তে অস্ত্ৰধাৰী কেইজনমান অচিনাক্ত দুৰ্বৃত্তই নিৰ্বিচাৰ আক্ৰমণ চলায় দেনৱাথৰ ওপৰত ।

Tripura_bank_employee_attack
ত্ৰিপুৰাত বেংক কৰ্মীক লুন্ঠন, প্ৰহাৰ
author img

By

Published : Mar 26, 2021, 4:06 PM IST

নেশ্যনেল ডেস্ক, ২৬ মাৰ্চ: ত্ৰিপুৰাৰ শংখলা অঞ্চলত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । ৰাজ্যখনৰ মোহনপুৰ মহকুমাৰ অন্তৰ্গত শংখলা অঞ্চলত বন্ধন বেংকৰ এগৰাকী কৰ্মচাৰীক কেইজনমান অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ চলায় । ঘটনা অনুসৰি, বন্ধন বেংকৰ কৰ্মচাৰী সুমন দেৱনাথে মোহনপুৰৰ চিমনা অঞ্চলস্থিত ভাদ্ৰামানী এডিচি গাঁৱলৈ গৈ থকাৰ সময়তে অস্ত্ৰধাৰী কেইজনমান অচিনাক্ত দুৰ্বৃত্তই নিৰ্বিচাৰ আক্ৰমণ চলায় দেনৱাথৰ ওপৰত ।

ইমানেই নহয় দেৱনাথৰ বেগত থকা প্ৰায় ১ লাখ টকাও ডকাইত কৰি লৈ যায় দুৰ্বৃত্তৰ দলটোৱে । দুৰ্বৃত্তৰ আক্ৰমণত ডিঙি আৰু কান্ধত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত দেৱনাথ সম্প্ৰতি সংকটজনক অৱস্থাত চিকিৎসাধীন ।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । ইফালে, এই ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । টিটিএএডিচি নিৰ্বাচনৰ পূৰ্বে অঞ্চলটোৰ এই ঘটনাই এক অশুভ ইংগিত প্ৰদান কৰিছে বুলি ধাৰণা কৰা হৈছে । কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা প্ৰতিৰোধ কৰিবলৈ অঞ্চলটোত পৰ্যাপ্ত পৰিমাণৰ আৰক্ষী আৰু নিৰাপত্তা বাহিনী মোতায়েন কৰা হয় বুলি জানিবলৈ দিয়ে আৰক্ষীৰ সূত্ৰৰ তৰফৰ পৰা ।

লগতে পঢ়ক: বাতৰি সংগ্ৰহ কৰিবলৈ গৈ ত্ৰিপুৰাত আক্ৰমণৰ সন্মুখীন সাংবাদিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.