ETV Bharat / crime

নামৰূপত নিষিদ্ধ ড্ৰাগছসহ আটক তিনি ড্ৰাগছ আসক্ত

author img

By

Published : Jun 4, 2021, 2:31 PM IST

নাহৰকটীয়াৰ নামৰূপত ড্ৰাগছৰ বিৰোধী অভিযানত নিষিদ্ধ ড্ৰাগছসহ আটক তিনি ড্ৰাগছ আসক্ত । এক গোপন সূত্ৰৰ পম খেদি বৃহস্পতিবাৰে নিশা নামৰূপ আৰক্ষীয়ে অভিযান চলাই নামৰূপ গান্ধী ময়দান এলেকাৰ পৰা আটক কৰে যুৱক কেইজনক ৷

three-drug-addict-arrested-in-namrup
নামৰূপত নিষিদ্ধ ড্ৰাগছসহ আটক তিনি ড্ৰাগছ আসক্ত

নাহৰকটীয়া, 4 জুন : ৰাজ্যজুৰি ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে । ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে ডিব্ৰুগড়ৰো বিভিন্ন প্ৰান্তত আৰক্ষীৰ ড্ৰাগছৰ বিৰোধী অভিযান ৷ ডিব্ৰুগড়ৰ নামৰূপত এক অভিযানত নিষিদ্ধ ড্ৰাগছসহ তিনি ড্ৰাগছ আসক্ত আটক কৰে আৰক্ষীয়ে ।

এক গোপন সূত্ৰৰ পম খেদি বৃহস্পতিবাৰে নিশা নামৰূপ আৰক্ষীয়ে অভিযান চলাই নামৰূপ গান্ধী ময়দান এলেকাৰ পৰা বৰহাট টিটলাগড়ৰ জ্যোতিষ্মান সোণোৱাল, নামৰূপ পানীডুঙাৰ সীমান্ত গগৈ আৰু সাৰ নগৰী আবাসিক কলনী সঞ্জু দাস নামৰ ড্ৰাগছ আসক্ত তিনিজন যুৱকক আটক কৰে ৷ আটকাধীন যুৱক তিনিজনৰ পৰা 25 গ্ৰাম নিষিদ্ধ ড্ৰাগছ জব্দ কৰে নামৰূপ আৰক্ষীয়ে ।

three drug addict arrested in namrup

উল্লেখ্য যে, ড্ৰাগছ আসক্ত যুৱক তিনিজনৰ পৰা AS-33-1308 নম্বৰৰ এখন মটৰচাইকেল, মবাইল হেণ্ডছেট, ড্ৰাগছ সেৱনত ব্যৱহাৰ কৰা ছিৰিঞ্জকে আদি কৰি ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ কৰা বিভিন্ন সা-সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।

লগতে পঢ়ক : ক্ৰমাৎ বে-আইনী কাৰ্যকলাপৰ হটস্পটত পৰিণত বৰপেটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.