ETV Bharat / crime

চাবুৱাত অইল ইণ্ডিয়াৰ পাঁচ লক্ষাধিক চুৰি সামগ্ৰী উদ্ধাৰ - আৰক্ষী

অইল ইণ্ডিয়াৰ (Oil India) পাঁচ লক্ষাধিক চুৰি সামগ্ৰী উদ্ধাৰ কৰিলে চাবুৱা আৰক্ষীয়ে ৷ চাবুৱাৰ ২ নং কমাৰগাঁৱৰ প্ৰদীপ গোঁহাই নামৰ এগৰাকী ব্যক্তিৰ ঘৰত লুকুৱাই ৰখা অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে ৷

A_Moran_stolen-goods-worth-rupees-5-lakh-of-oil-has-been-rescued-by-chabua-police_vis_As10031
চাবুৱাত অইল ইণ্ডিয়াৰ পাঁচ লক্ষাধিক চুৰি সামগ্ৰী উদ্ধাৰ
author img

By

Published : Jul 3, 2021, 7:56 PM IST

মৰাণ, 3 জুলাই: মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অপৰাধমূলক কাৰ্যকলাপ ৰোধৰ বাবে অসম আৰক্ষীক মুকলিকৈ নিৰ্দেশ প্ৰদান কৰাৰ পাছতেই তীব্ৰৰ পৰা তীব্ৰতৰ অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে (Assam police) ৷ প্ৰতিখন জিলা আৰক্ষী অধীক্ষক চলাই গৈছে ইটোৰ পিছত সিটো অভিযান ৷ সমান্তৰালকৈ ডিব্ৰুগড় জিলাতো অপৰাধমূলক ঘটনাৰ বিৰুদ্ধে সস্তম হৈ পৰিছে ডিব্ৰুগড় আৰক্ষী (Dibrugarh police) ৷

ইফালে আৰক্ষীৰ অভিযানত চাবুৱা আৰক্ষী থানাৰ আৰক্ষীয়ে প্ৰতিদিনেই বিভিন্ন অপৰাধমূলক ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত বহুকেইটা অপৰাধীক কৰায়ত্ব কৰি জে'ল হাজোতলৈ প্ৰেৰণ কৰিছে ৷ তেনে সময়তে অইল ইণ্ডিয়াৰ তৈল খাদৰ পৰা চুৰি কৰা চাবুৱাৰ ২ নং কমাৰগাঁৱৰ প্ৰদীপ গোঁহাই নামৰ এগৰাকী ব্যক্তিৰ ঘৰত লুকুৱাই ৰখা অৱস্থাত চাবুৱা আৰক্ষীয়ে প্ৰায় পাঁচ লক্ষাধিক মূল্যৰ বৈদ্যুতিক শীত-তাপ নিয়ন্ত্ৰিণ কৰা যন্ত্ৰ (AC) উদ্ধাৰ কৰে ৷

চাবুৱাত অইল ইণ্ডিয়াৰ পাঁচ লক্ষাধিক চুৰি সামগ্ৰী উদ্ধাৰ

উল্লেখ্য যে, কিছুদিন পূৰ্বে বগৰীতলীয়াত নিৰ্মীয়মান অইল ইণ্ডিয়াৰ (Oil India) হাজাৰ কোটি টকীয়া প্ৰকল্পৰ পৰা চুৰি কৰা সামগ্ৰী খিনি উদ্ধাৰ কৰিবলৈ লগতে উক্ত ঘটনা সৈতে জড়িত চোৰক কৰায়ত্ব কৰিবলৈ চাবুৱা আৰক্ষীয়ে নিয়মীয়াকৈ অভিযান অব্যাহত ৰাখে ৷

ইফালে গোপন সূত্ৰৰ জৰিয়তে লাভ কৰা তথ্যৰ ভিত্তিত শুকুৰবাৰে আৰক্ষীৰ অভিযানত চুৰি সামগ্ৰী খিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আটক কৰা বিনয় নামৰ এজন লোকৰ স্বীকোৰোক্তিৰ ভিত্তিত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ এই ঘটনাৰ সৈতে জড়িত আন কেইবাটাও চোৰ বৰ্তমান পলাতক হৈ আছে বুলি জানিব পৰা গৈছে ৷

অইল প্ৰকল্পটোত ঠিকা লাভ কৰা কোম্পানীটোৰ বিষয়া কৰ্মচাৰীৰ এজেহাৰৰ ভিত্তিত চাবুৱাৰ আৰক্ষী থানাত ১১০/২১নং দণ্ডবিধি, ৩৭৯ ধাৰাত এটা গোচৰ ৰুজু কৰা হৈছে ৷ আৰক্ষীৰ তদন্তকাৰী বিষয়া মৈদুল ইছলাম আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া টুলুমণি দুৱৰাৰ নেতৃত্বত অভিযান চলাই এই সাফল্য লাভ কৰিছে বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, এই গৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ কঠোৰ স্থিতিৰ বাবে অঞ্চলটোত মাৰাত্মক ড্ৰাগছ বিৰোধী অভিযান তীব্ৰ অভিযান অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক-পাঠাক কিয় গুলীয়ালে মৰিগাঁও আৰক্ষীয়ে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.