ৰঙিয়া, 9 আগষ্ট : ৰঙিয়া (Rangia)ত সোমবাৰে দিন দুপৰতে সংঘটিত হ'ল ডকাইতি কাণ্ড (Robbery Incident)। চলন্ত চাৰিচকীয়া বাহনৰ ভিতৰত লুট-পাত কৰি ৰঙিয়াত পথৰ দাঁতিত পেলাই থৈ গ’ল এজন যুৱকক । যুৱকজনৰ পৰা ১৫ হাজাৰ টকা আৰু এটা ২০ হাজাৰ টকীয়া মোবাইল (Mobile) লৈ পলায়ন কৰে ডকাইতৰ দলটোৱে ৷ ঘটনাটো সংঘটিত কৰিয়েই নলবাৰী অভিমুখে পলায়ন কৰে চাৰিচকীয়া বাহনখনত অহা ডকাইতৰ দলটো ।
আহত যুৱকজনে জালুকবাৰী (Jalukbari)ৰ পৰা অপহৰণ কৰি লৈ আহিছিল বুলি ৰাইজৰ আগত সদৰি কৰে । নিচা জাতীয় দ্ৰব্য খুৱাই চাৰি চকীয়া বাহনৰ ভিতৰত যুৱকক লুটপাত চলাইছিল দুৰ্বৃত্তৰ দলটোৱে । টকা দিবলৈ অমান্তি হোৱাত দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰিছিল যুৱকজনক । ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ (31 No National Highway)ৰ তাৰাকুছিত যুৱকক পেলাই দিয়ে চাৰি চকীয়া বাহনৰ পৰা ।
লগতে পঢ়ক - 5 বছৰৰ মূৰত আৰক্ষীয়ে আটক কৰিলে ব্ৰইলাৰক
উক্ত ঘটনাটো একাংশ ৰাইজে প্ৰত্যক্ষ কৰি পিছ লয় দুৰ্বৃত্তৰ বাহনখনৰ । অৱশ্যে পলাই যাবলৈ সক্ষম হয় ডকাইতৰ দলটো ৷ বৰ্তমানলৈ যুৱকজনৰ পৰিচয় উদ্ধাৰ কৰিব পৰা হোৱা নাই । পিছত স্থানীয় ৰাইজে অচেতন অৱস্থাত যুৱকজনক উদ্ধাৰ কৰি ১০৮ এম্বুলেঞ্চ সেৱাৰে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
উক্ত ঘটনাটো স্থানীয় ৰাইজে আৰক্ষীক অৱগত কৰে ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । এই ঘটনাটোৰ বাবে সমগ্ৰ ৰঙিয়াত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । অৱশ্যে আৰক্ষীৰ তদন্তৰ অন্ততহে ওলাই পৰিব ঘটনাটোৰ প্ৰকৃত ৰহস্য ৷
লগতে পঢ়ক - ATM ৰ ধন লুটিবলৈ গৈ চোৰৰ বিলৈ !