মৰাণ, 13 জুলাই : বিভিন্ন জিলাৰ সমান্তৰালকৈ ডিব্ৰুগড় জিলাতো ড্ৰাগছ(Drugs) তথা নিচা জাতীয় সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে ডিব্ৰুগড় আৰক্ষী(Dibrugarh Police)এ তীব্ৰ অভিযান অব্যাহত ৰাখিছে ৷ মঙলবাৰেও ডিব্ৰুগড়ৰ বকুল ৰাজগড় লাইনত নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে এটা অভিযান চলাই আৰক্ষীয়ে ৷ আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ গাঞ্জা সহ এজন কুখ্যাত গাঞ্জা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷
![One Ganja peddler arrested By Police at Lahowal, Dibrugarh District](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12448050_mrn2.jpg)
এটা গোপন সূত্ৰৰ পম খেদি লাহোৱাল আৰক্ষী থানা (Lahoal Police Station) ৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অনুপম গোৱলা আৰু মোহনবাৰী আৰক্ষী চকী (Mohanbari Police Atation)ৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অজিত সোণোৱালৰ লগতে ডিকম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বুবুল সোণোৱালৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলে এটা অভিযান চলায় ৷ আৰক্ষীৰ অভিযানত এজন কুখ্যাত গাঞ্জা সৰবৰাহকাৰী (Ganja peddler) ক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত সৰবৰাহকাৰীটোৰ নাম শংকৰ ৰবিদাস ৷ ঘৰ ডিব্ৰুগড়ৰ বকুল ৰাজগড় লাইনত বুলি জানিব পৰা গৈছে ৷
![One Ganja peddler arrested By Police at Lahowal, Dibrugarh District](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8037to8043-ganjapeddlerarrestedatlahowal-as10031_13072021184508_1307f_1626182108_443.jpg)
শংকৰ ৰবিদাসে অঞ্চলটোত দীৰ্ঘদিনৰ পৰাই গাঞ্জা সৰবৰাহ কৰি আহিছিল বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে ৷ ধৃত শংকৰ ৰবিদাসৰ ঘৰত তালাচী চলাই বৃহৎ পৰিমানৰ গাঞ্জা, গাঞ্জা সেৱন কৰা সামগ্ৰীৰ লগতে কেইবা হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয় । ইতিমধ্যে কুখ্যাত গাঞ্জা সৰবৰাহকাৰী শংকৰ ৰবিদাসক আটক কৰি লাহোৱাল আৰক্ষী থানা লৈ যায় ৷ অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
ইয়াৰ সমান্তৰালকৈ অবৈধ চুলাই ভাটিৰ পৰা ক'ভিড সংক্ৰমণ বৃদ্ধি হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পাচতে ডিব্ৰুগড় জিলাৰ মৰাণতো সোমবাৰে আৰক্ষীয়ে অবৈধ চুলাই (country liquor)ভাটিৰ বিৰুদ্ধে অভিযান চলায় ৷ ডিব্ৰুগড় জিলাৰ খোৱাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লীলাকান্ত চুতীয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে এই অভিযান চলায় ৷
![One Ganja peddler arrested By Police at Lahowal, Dibrugarh District](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8037to8043-ganjapeddlerarrestedatlahowal-as10031_13072021184508_1307f_1626182108_112.jpg)
এই অভিযানত আৰক্ষীয়ে খোৱাং চেনীমাৰী গাঁও আৰু খোৱা আঠাবাৰী গাঁৱত প্ৰায় 300 লিটাৰ চুলাই আৰু চুলাই প্ৰস্তুত কৰা সামগ্ৰী নষ্ট কৰে ৷ লগতে তিনিটাকৈ অবৈধ চুলাই ভাটি উচ্ছেদ কৰে । ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে একাংশই অবৈধভাৱে চুলাইৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে । এনে সময়ত খোৱাং আৰক্ষী থানাৰ পদক্ষেপক সকলোৱে শলাগ লোৱাৰ লগতে অঞ্চলটোৰ অন্য স্থানতো অবৈধ চুলাই ভাটিৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে ৰাইজে ।
লগতে পঢ়ক : খাকীত হাত দিয়াৰ মৰসাহ উদণ্ড যুৱকৰ