বৰপেটা, 4 জুলাই : গৰু ছিণ্ডিকেট আৰু গৰুৰ চোৰাং বেহাৰ (cattle smuggling) বিৰুদ্ধে কোকৰাঝাৰ আৰক্ষীয়ে (Kokrajhar Police) অব্যাহত ৰাখিছে ব্যাপক অভিযান ৷ আৰক্ষীৰ অভিযানত শুকুৰবাৰে নিশা কোকৰাঝাৰত চোৰাংগী চিন্না (৩৯) নামৰ কুখ্যাত গৰু মাফিয়া আৰক্ষীৰ গুলিত আহত হয় ৷ উল্লেখ্য যে, সোধা-পোছৰ অন্তত আৰক্ষীয়ে গৰু সৰবৰাহকাৰী চোৰাংগী চিন্নাক লৈ শুকানঝৰাৰ অন্য গৰু সৰবৰাহকাৰী এজনৰ ঘৰলৈ বাট দেখুৱাই লৈ গৈ থকা সময়তে মাজনিশা প্ৰায় ১ বজাত গৰু মাফিয়াটোৱে আৰক্ষীৰ অস্ত্ৰ কাঢ়ি পলাবলৈ লওতেই আৰক্ষীৰ গুলীত সৰবৰাহকাৰীজন আহত হয় ৷
চোৰাংগী চিন্নাই হঠাতে কোকৰাঝাৰ আৰক্ষী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ বসুমতাৰীৰ চাৰ্ভিচ পিষ্টলটো কাঢ়ি লৈ জংঘলৰ ফালে পলাই যাবলৈ লোৱাৰ সময়তে আৰক্ষীয়ে তেওঁলৈ লক্ষ্য কৰি গুলীচালনা কৰে ৷ আৰক্ষীয়ে অপৰাধীটোলৈ দুই ৰাউণ্ড গুলি চলায় যদিও তেওঁৰ ভৰিত এটা গুলী লাগি আঘাতপ্ৰাপ্ত হয় । আহত অৱস্থাত গৰু মাফিয়াটোক আৰক্ষীয়ে আটক কৰাৰ লগতে লগে লগে চিকিৎসাৰ বাবে কোকৰাঝাৰৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ৷
অৱশ্যে পৰৱৰ্তী সময়ত গৰু সৰবৰাহকাৰীটোক বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হয় আৰু সম্প্ৰতি অভিযুক্তজন জৰুৰী ৱাৰ্ডত চিকিৎসাধীন হৈ আছে ৷
উল্লেখ্য যে, আৰক্ষীয়ে চেন্নাইৰ পৰা আটক কৰি অনা তথা আন্ত:ৰাষ্ট্ৰীয় গৰু চিণ্ডিকেটৰ সতে জড়িত চূড়াংগী চানিয়া (39)নামৰ গো মাফিয়া জন শুকুৰবাৰে আৰক্ষীৰ গুলীত গুলীবিদ্ধ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ শনিবাৰে বিয়লি কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেচাই বৰ্ণনা কৰে সমগ্ৰ ঘটনাটো ৷
আৰক্ষী বিষয়া গৰাকীয়ে জনোৱা অনুসৰি, গোসাঁইগাঁও থানাত ৰুজু হোৱা 46/2021 নম্বৰৰ গোচৰৰ ভিত্তিত আন্ত:ৰাষ্ট্ৰীয় গৰু চক্ৰৰ সতে জড়িত চোৰাংগী চিন্নাক কিইদিনমান পূৰ্বে চেন্নাইৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল ৷ শুকুৰবাৰে নিশা চোৰাংগী চিন্নাক লৈ কোকৰাঝাৰৰ গৰু ছিণ্ডিকেটৰ সৈতে জড়িত আন লোক সকলৰ ঘৰ দেখুৱাবলৈ জিলা খনৰ শুকানঝোৰাত উপস্থিত হৈছিল আৰক্ষী ৷ কিন্তু গৰুৰ ছিণ্ডিকেটৰ সৈতে জড়িত আন লোক সকলৰ ঘৰ দেখুৱাবলৈ অনাৰ সময়তে নিশা এক বজাত চোৰাংগী চিন্নাই আৰক্ষীৰ হাতৰ পৰা পিষ্টল কাঢ়ি লৈ আৰক্ষীকে গুলী কৰিবলৈ উদ্যত হয় ৷ ঠিক সেই সময়তে আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে গুলী চালনা কৰে ৷
লগতে পঢ়ক-স্বয়ং পিতৃয়ে আটক কৰিলে পুত্ৰহন্তাক