মৰাণ,24 জুন: সমগ্ৰ ৰাজ্যতে অপৰাধমূলক ঘটনাৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষী(Assam police)ৰ জেহাদ ৷ বিগত এটা মাহ ধৰি আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে ৷ বিশেষকৈ, নিচাযুক্ত সামগ্ৰীৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছে এই অভিযান ৷ বিগত এটা মাহত ড্ৰাগছ, চুলাই মদ, গাঞ্জা আদিৰ বিৰুদ্ধে অভিযানত শদিয়াৰ পৰা ধুবুৰীলৈ ক্ৰমাগত সফলতা লাভ কৰি আহিছে অসম আৰক্ষীয়ে ৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড় জিলাতো ড্ৰাগছ আৰু গাঞ্জাৰ বিৰুদ্ধে অভিযান তীব্ৰ কৰি তুলিছে আৰক্ষীয়ে। নামৰূপ আৰক্ষীয়ে বুধবাৰে নিশা জব্দ কৰে বৃহৎ পৰিমাণৰ গাঞ্জা । স্থানীয় উপ-আৰক্ষী অধীক্ষক নৱ কুমাৰ বৰা, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া (OC) মুন প্ৰকাশ তিৱাৰীয়ে অভিযান চলাই নামৰূপৰ দক্ষিণ চামগুৰি গাওঁৰ মকবুল হুছেইন নামৰ লোকজনৰ ঘৰৰ পৰা প্ৰায় আঢ়ৈ কেজি গাঞ্জাৰ লগতে ৩০ হাজাৰ নগদ ধন জব্দ কৰে।
ইতিমধ্যে গাঞ্জা ব্যৱসায়ত জড়িত থকাৰ অভিযোগত মকবুল হুছেইন নামৰ লোকজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ ইয়াৰ সমান্তৰালকৈ নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তুলিছে নগাঁও আৰক্ষীয়ে ৷ শেহতীয়াকৈ, এটা বৃহৎ চুলাইৰ ঘাটিত অভিযান চলালে নগাঁও আৰক্ষীয়ে । বুধবাৰে, নগাঁৱৰ বৰভেটিৰ মহিলা সমিতিয়ে আৰক্ষী অধীক্ষক আনন্দ মিশ্র(SP Anand Mishra)ক দিয়া এক অভিযোগৰ পিছতেই তৎপৰ হৈ পৰে আৰক্ষীৰ দল ।
পৰৱৰ্তী সময়ত, আৰক্ষী অধীক্ষক গৰাকীৰ নিৰ্দেশ মৰ্মে নগাঁও আৰক্ষীৰ নগৰ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া কুন্দন ৰবি দাসৰ নেতৃত্বত এটা আৰক্ষীৰ দলে অভিযান চলাই বৰভেটি অঞ্চলত । এই অভিযানটোৰ সময়ত আৰক্ষীৰ দলটোৱে প্ৰায় তিনিহাজাৰ লিটাৰ চুলাই মদ জব্দ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ লগতে চুলাই মদ প্ৰস্তুত কৰা বহু সামগ্ৰীও জব্দ কৰে অভিযানকাৰী আৰক্ষীৰ দলটোৱে ।
লগতে পঢ়ক-কৃষি বিভাগৰ বিৰুদ্ধে সৰৱ কলগাছিয়াৰ কৃষক