ETV Bharat / crime

পাটনাত বিএছপি নেতাক অপহৰণ

ভাৰতীয় সবলোগ পাৰ্টী চমুকৈ বিএছপিৰ সম্পাদক ৰঞ্জিত কুমাৰ পাণ্ডেক দেওবাৰে সন্ধিয়া পাটনাৰ কিদৱাইপুৰী কলনীত অচিনাকী দুৰ্বৃত্তৰ অপহৰণ । ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত ।

পাটনাত বিএছপি নেতাক অপহৰণ
পাটনাত বিএছপি নেতাক অপহৰণ
author img

By

Published : Mar 1, 2021, 7:13 PM IST

নিউজ ডেস্ক, ১ মাৰ্চ: ভাৰতীয় সবলোগ পাৰ্টী চমুকৈ বিএছপিৰ সম্পাদক ৰঞ্জিত কুমাৰ পাণ্ডেক দেওবাৰে সন্ধিয়া পাটনাৰ কিদৱাইপুৰী কলনীত অচিনাকী দুৰ্বৃত্তই অপহৰণ কৰে । যেতিয়া পাণ্ডে সন্ধিয়া ৬ বজাত দলীয় এক সভাত অংশগ্ৰহণ কৰি কিদৱাইপুৰীৰ বুদ্ধ কলনীৰ পৰা তেওঁৰ কাৰ্যালয়ৰ পৰা উভতিছিল সেই সময়তে অপহৰণ কৰি লৈ যায় । উল্লেখ্য যে, বিহাৰৰ ঔৰঙ্গাবাদৰ বাসিন্দা ৰঞ্জিত কুমাৰ পাণ্ডে ।

ঘটনাটোৰ সময়ত উপস্থিত থকা দলৰ সভাপতি ৰবি ৰঞ্জনে ইটিভি ভাৰতৰ আগত জনায় যে, যেতিয়া তেওঁলোক কাৰ্যালয়ৰ পৰা উভতিছিল তেতিয়াই অচিনাকী দুৰ্বৃত্ত কেইজনমানে এখন বাহনত আহি ৰঞ্জিত কুমাৰ পাণ্ডেক অপহৰণ কৰি লৈ যায় । ইফালে পাণ্ডেক অপহৰণ কৰি লগে লগে ঘটনাস্থলীৰ পৰা পলায়ন কৰে অপহৰণকাৰীকেইজন ।

ঘটনা সন্দৰ্ভত বিএছপি সভাপতি ৰঞ্জন আৰু দলৰ নেতাসকলে কোটৱালী আৰক্ষী থানাত ইতিমধ্যে অভিযোগ দাখিল কৰিছে । চিচিটিভি ফুটেজৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ: ধৰ্ষণৰ সন্দেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.