ETV Bharat / crime

কলগাছিয়াৰ বৰটাৰীত বালি মাফিয়াৰ অবৈধ খনন কাৰ্য

author img

By

Published : May 31, 2021, 10:50 PM IST

বৰপেটা আৰু বঙাইগাঁও জিলাৰ সীমামূৰীয়া অঞ্চল বৰটাৰীত বালি মাফিয়াৰ সন্ত্ৰাস । বনবিভাগৰ ছত্ৰছায়াতে চলিছে বালি মাফিয়াৰ অবাধ লুণ্ঠন । চালান অবিহনেই বালি কঢ়িওৱা ট্ৰেক্টৰ আৰু ডাম্পাৰৰ দৌৰাত্ম্য । ঘোৰ নিদ্ৰাত বনবিভাগ তথা জিলা প্ৰশাসন।

illegal-mining-of-sand-mafia-in-bortari-kalgasia
কলগাছিয়াৰ বৰটাৰীত বালি মাফিয়াৰ অবৈধ খনন কাৰ্য

জনীয়া, 31 মে': বৰপেটা আৰু বঙাইগাঁও জিলাৰ সীমামূৰীয়া অঞ্চল বৰটাৰীত বালি মাফিয়াৰ সন্ত্ৰাস । চালান অবিহনেই বালি কঢ়িওৱা ট্ৰেক্টৰ আৰু ডাম্পাৰৰ দৌৰাত্ম্য । ঘোৰ নিদ্ৰাত বনবিভাগ তথা জিলা প্ৰশাসন । অব্যাহত আছে অবৈধ নদী খননকাৰ্য । কাৰ ছত্ৰছায়াত বালি মাফিয়াই অবাধে চলাইছে লুণ্ঠন ? দিনৰ পৰা আৰম্ভ কৰি ৰাতি লৈকে চলে অবৈধ বালি খনন । খনন মাফিয়াক কেশৱ মহন্তৰ বন বিভাগে সহায় কৰি অহাৰ অভিযোগ আমছুৰ ।

কলগাছিয়াৰ বৰটাৰীত মানাহ নদীত চলিছে দিনে-ৰাতি অবৈধ বালি খননকাৰ্য । খননকাৰ্যৰ বিৰুদ্ধে বন বিভাগ নীৰৱ ভূমিকা পালন কৰাটোৱে ৰাইজৰ মাজত ৰহস্যৰ সৃষ্টি কৰিছে । উল্লেখ্য যে, অবৈধ খননকাৰ্যৰ বিৰুদ্ধে সাংবাদিক যোৱাৰ আগতেই ঘটস্থলীৰ পৰা পলায়ন কৰে জে চি বি আৰু ট্ৰেক্ট্ৰৰসমূহ । এইদৰে দিনে নিশাই চলি থকা বালি খননকাৰ্যক বাধা দিলে বালি মাফিয়াই কোনো ভ্ৰক্ষেপ নকৰে বুলি অভিযোগ উত্থাপন হৈ আহিছে । অতি শীঘ্ৰেই এই অবৈধ খননকাৰ্য বন্ধ কৰিবলৈ আহ্বান জনাইছে আমছুয়ে ।

লগতে পঢ়ক: গোলাঘাটত ড্ৰাগছ আসক্তৰ বিস্ফোৰক স্বীকাৰোক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.