ETV Bharat / crime

বোকাজানত আৰক্ষীৰ অভিযানত হেৰ'ইন জব্দ

ড্ৰাগছৰ বিৰুদ্ধে কাৰ্বি আংলং আৰক্ষীৰ অভিযান ৷ বোকাজানৰ প্ৰভাস শ্বাহ নামৰ লোকজনৰ ঘৰত উদ্ধাৰ কৰে প্ৰায় ১২ গ্ৰাম হেৰ'ইন ৷ মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ হেৰ'ইনখিনি ৷

author img

By

Published : Jun 9, 2021, 6:13 PM IST

heroin-seized-at-bokajan-by-karbi-anglong-police
বোকাজানত কাৰ্বি আংলং আৰক্ষীৰ অভিযানত হেৰ'ইন জব্দ

ডিফু,৯ জুনঃ পুনৰ অবৈধ ড্ৰাগছৰ বিৰুদ্ধে কাৰ্বি আংলং আৰক্ষীয়ে লাভ কৰিলে আন এক সফলতা ৷ মঙলবাৰে নিশাৰ ভাগত আৰক্ষীৰ অভিযানত বোকাজানত উদ্ধাৰ হয় নিচাযুক্ত সামগ্ৰী ৷ অভিযানকাৰী দলটোৱে বোকাজানৰ প্ৰভাস শ্বাহ নামৰ লোকজনৰ ঘৰত উদ্ধাৰ কৰে প্ৰায় ১২ গ্ৰাম হেৰ'ইন । বোকাজান আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে হেৰ'ইনখিনি ।

ঘটনাৰ সৈতে জড়িত প্ৰভাস শ্বাহৰ পত্নী পাৰ্বতী দেৱীৰ (৪৫) লগতে দুই পুত্ৰ ৰামদেৱ শ্বাহ আৰু কপিল শ্বাহক আটক কৰে বোকাজান আৰক্ষীয়ে । জানিব পৰামতে দীৰ্ঘদিন ধৰি বোকাজানত ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল এই পৰিয়ালটোৱে । উদ্ধাৰ হোৱা হিৰ'ইনখিনিৰ বজাৰ মূল্য প্ৰায় ৪০ হাজাৰ টকা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: কাল কৰ'ণাই অনাথ কৰিলে ৰক্তিমক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.