ETV Bharat / crime

চাৰি বছৰ ভুৱা চিকিৎসা কৰি আৰক্ষীৰ জালত মুন্নাভাই MBBS - MBBS

প্ৰায় চাৰি বছৰ কাল ভুৱা চিকিৎসা (Fake doctor) কৰি তিনিচুকীয়াৰ আৰক্ষীৰ জালত পৰিছে এজন ভুৱা চিকিৎসক ৷ ইতিমধ্যে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে মুন্নাভাই এম.বি.বি.এছ (Munna Bhai MBBS)ৰূপী চিকিৎসকগৰাকীক ৷

Fake doctor arrested By Police At Tinsukia District
চাৰি বছৰ ভুৱা চিকিৎসা কৰি আৰক্ষীৰ জালত মুন্নাভাই MBBS
author img

By

Published : Jul 14, 2021, 6:13 AM IST

তিনিচুকীয়া,13 জুলাই : ৰাজ্যত অব্যাহত আছে ক'ভিডৰ ভয়াৱহ পৰিস্থিতি ৷ ইয়াৰ মাজতে ক'ভিডৰ বিৰুদ্ধে সন্মুখৰ পৰাই যুঁজ দি জনসাধাৰণৰ জীৱন ৰক্ষা কৰি আহিছে চিকিৎসক সকলে ৷ কিন্তু এই ভয়াৱহ ক'ভিড পৰিস্থিতিৰ মাজতে তিনিচুকীয়াৰ আৰক্ষীৰ জালত পৰিছে এজন ভুৱা চিকিৎসক ৷ সম্প্ৰতি তিনিচুকীয়াৰ বৰডুবি আৰু লাংকাচি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে মুন্নাভাই এম.বি.বি.এছ (Munna Bhai MBBS)ৰূপী চিকিৎসকগৰাকীক ৷

কেইবাখনো চাহ বাগিচাৰ পৰা ভুৱা চিকিৎসক গ্ৰেপ্তাৰ হোৱা খবৰ মাৰ নৌযাওঁতেই পুনৰ তিনিচুকীয়া জিলা (Tinsukia District)ৰ মাকুমৰ সমীপৰ বজালনী চাহ বাগিচা চিকিৎসালয়ত পুনৰ এজন ভুৱা চিকিৎসক এজন গ্ৰেপ্তাৰ হোৱা বাতৰিয়ে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিব পৰা মতে, সাপেখাটিৰ নিবাসী সঞ্জীৱ কুমাৰ দেৱ নামৰ এই ভুৱা চিকিৎসকজনক সোমবাৰে নিশা বৰডুবি থানা আৰু লাংকাচি আৰক্ষী চকীয়ে যুটীয়া অভিযান চলাই গ্ৰেপ্তাৰ (Arrest) কৰে ।

উল্লেখ্য যে, এইজন ভুৱা চিকিৎসকে ২০১৭ চনৰ পৰাই ৰাজগড় আলিস্থিত বজালনী চাহ বাগিচাৰ ১নং শাখা আৰু বজালনী চাহ বাগিচা ২ নং শাখাৰ বাগিচাৰ দুখনকৈ চিকিৎসালয়ত মুখ্য চিকিৎসক হিচাপে ভুৱা চিকিৎসা প্ৰদান কৰিছিল ৰাইজক। এজন স্থানীয় সচেতন ব্যক্তিয়ে তথ্য জনাৰ অধিকাৰ আইন মতে আবেদন কৰাত এই চিকিৎসকজন ভুৱা বুলি জানিব পাৰি, ততালিকে আৰক্ষীক অৱগত কৰে ৷

চাৰি বছৰ ভুৱা চিকিৎসা কৰি আৰক্ষীৰ জালত মুন্নাভাই MBBS

উক্ত খবৰটো লাভ কৰাত চিকিৎসালয় খনৰ ভুৱা চিকিৎসকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । এই ঘটনাৰ সন্দৰ্ভত 'আটছা'(ATSA) আৰু 'আচা' (AASA)ৰ লগতে বিভিন্ন দল সংগঠন নেতৃবৰ্গই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ এই বিষয়টোৰ সন্দৰ্ভত বাগিচাখনৰ পৰিচালকৰ ওপৰত সন্দেহৰ আঙুলি টোঁৱাইছে ৰাইজে । অতি শীঘ্ৰে উক্ত বিষয়টো তদন্ত কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ স্থানীয় ৰাইজে আৰক্ষী তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে ৷

উল্লেখ্য যে, ৰাজ্যত অব্যাহত থকা ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে শেহতীয়াকৈ আৰক্ষীৰ জালত পৰিছে কেইবা গৰাকীও ভুৱা চিকিৎসক ৷ বিগত 17 জুনত মাজুলীতো আৰক্ষীৰ জালত পৰিছিল উত্তৰ প্ৰদেশৰ উত্তম কুছৱাহাই নামৰ এজন ভুৱা চিকিৎসক । সৰল মানুহৰ অজ্ঞতাৰ সুযোগ লৈ নিজকে চিকিৎসক বুলি পৰিচয় দি মাজুলীৰ জেংৰাইমুখ থানাৰ নিচেই সমীপৰ লখিমী গাঁৱত চিকিৎসা সেৱা আগবঢ়াই গৈছিল এই গৰাকী ভুৱা চিকিৎসকে ৷

একেদৰে বিগত 15 জুনতো ডিব্ৰুগড় আৰক্ষীৰ জালত পৰিছিল ইয়াকুব আলী নামৰ এজন ভুৱা চিকিৎসক ৷ ইয়াকুব আলী নামৰ ভুৱা চিকিৎসকজনে ডিব্ৰুগড় জিলাৰ হাটিআলি চাহ বাগিচাত ৰোগীক চিকিৎসা কৰি আহিছিল ৷ ডাঃ ইয়াকুব আলী নামৰ এজন প্ৰকৃত চিকিৎসকৰ নামত প্ৰায় 12 বছৰ ধৰি ভুৱা চিকিৎসা সেৱা আগবঢ়াই গৈছিল ভুৱা চিকিৎসক ইয়াকুব আলীয়ে ৷ চিৰাং জিলাৰ কাজলগাঁও চিভিল হাস্পতালত কৰ্মৰত চিকিৎসক ডাঃ ইয়াকুব আলীৰ পৰিচয় পত্ৰ আৰু প্ৰমান পত্ৰ নকল কৰি হাটিআলি চাহ বাগিচাত কৰ্মৰত হৈ আছিল দেৰগাঁৱৰ ইয়াকুব আলী ।

লগতে পঢ়ক-ভুল চিকিৎসাৰ অভিযোগ : পুনৰ বিতৰ্কত ডাঃ ছফিকুল ইছলাম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.