ETV Bharat / crime

হাইলাকান্দিত মথাউৰি নিৰ্মাণৰ নামত বৃহৎ দুৰ্নীতি

হাইলাকান্দিত মথাউৰি নিৰ্মাণত দুৰ্নীতি সংঘটিত ৷ প্ৰায় 10 লাখ টকাৰ কামত সংঘটিত হৈছে দুৰ্নীতি ৷ ঘটনা সন্দৰ্ভত বীৰ লাচিত সেনাৰ অভিযোগ উন্নয়ন খণ্ডত ৷

author img

By

Published : Feb 2, 2021, 7:11 PM IST

embankment-construction-corruption-in-hailakandi
হাইলাকান্দিত মথাউৰি নিৰ্মাণৰ নামত বৃহৎ দুৰ্নীতি

হাইলাকান্দি, 2 ফেব্ৰুৱাৰী : দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আক্ৰমণৰ বলি বীৰ লাচিত সেনাৰ মাটিজুৰি আঞ্চলিক সভাপতি আমিনুল হক বৰভূইয়া ৷ অভিযোগ অনুসৰি, হাইলাকান্দি জিলাৰ মাটিজুৰিত কিছুদিন আগতে চৰকাৰে 'MGNREGA' ৰ অধীনত প্ৰায় 3 কিলোমিটাৰ মথাউৰি নিৰ্মাণৰ বাবে চৰকাৰে প্ৰায় 10 লাখ টকা অনুমোদন দিছিল ৷ কিন্তু এই কামত বৃহৎ দুৰ্নীতি সংঘটিত কৰিছে ৷ আনকি, ভুৱা জবকাৰ্ডৰ হিতাধিকাৰি বনাই টকা আত্মসাৎ কৰাৰ অভিযোগ তুলিছিল স্থানীয় ৰাইজে ।

বীৰ লাচিত সেনাৰ মন্তব্য

পৰৱৰ্তী সময়ত হাইলাকান্দি উন্নয়নৰ খণ্ডত দুৰ্নীতি সন্দৰ্ভত অভিযোগ প্ৰদান কৰিছিল ৷ অভিযোগৰ ভিত্তিতে উক্ত মথাউৰি নিৰ্মাণৰ কাম পৰিদৰ্শন কৰিছিল উন্নয়ন খণ্ডৰ শীৰ্ষ বিষয়াই ৷ ইফালে, অভিযোগকাৰীৰ ওপৰত মাটিজুৰি জিলা পৰিষদৰ সদস্য সাৰিনা ইয়াছমিন মজুমদাৰ আৰু তেওঁৰ গুণ্ডা বাহিনীয়ে শাৰীৰিক আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ পৰৱৰ্তী সময়ত অভিযোগকাৰীয়ে মাটিজুৰি জিলাৰ পৰিষদৰ সদস্য আৰু আক্ৰমণকাৰীৰ ওপৰত হাইলাকান্দি সদৰ থানাত এটা গোচৰ ৰুজু কৰিছিল ৷ শীঘ্ৰে দোষীক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে বীৰ লাচিত সেনাই ৷

লগত পঢ়ক : 2021-22 বৰ্ষৰ বাজেটে ত্ৰিপুৰাৰ আৰ্থিক উন্নয়ন আনিব: বিপ্লৱ কুমাৰ দেৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.