ETV Bharat / crime

অবৈধ সুৰাসহ দুলীয়াজানত দুজনক আটক - দুলীয়াজান

অবৈধ সুৰাৰ(illegal liquor) বিৰুদ্ধে দুলীয়াজান আৰক্ষীৰ অভিযান ৷ আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ অবৈধ সুৰাসহ দুজন লোকক আটক ৷

duliajan police arrested two with illegal liquor
দুলীয়াজানত বুজন পৰিমাণৰ অবৈধ সুৰাসহ দুজনক আটক
author img

By

Published : Jul 11, 2021, 9:24 PM IST

মৰাণ, 11 জুলাই: ৰাজ্যত অব্যাহত আছে ড্ৰাগছ(Drugs), চুলাই মদৰ লগতে বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ সমান্তৰালকৈ ইয়াৰ বিৰুদ্ধে দুলীয়াজান আৰক্ষীয়েও অব্যাহত ৰাখিছে অভিযান । দেওবাৰে অবৈধ সুৰাৰ বিৰুদ্ধে দুলীয়াজানৰ ফেঞ্চি বজাৰত অভিযান চলাই আৰক্ষীয়ে বুজন পৰিমাণৰ অবৈধ সুৰা(illegal liquor)ৰ বটল জব্দ কৰে ৷

দুলীয়াজানত বুজন পৰিমাণৰ অবৈধ সুৰা সহ দুজনক আটক

দুলীয়াজান আৰক্ষী থানা(Duliajan Police Station)ৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনয় কলিতা আৰু উপ-পৰিদৰ্শক আভাজ্যোতি ৰাভাৰ নেতৃত্বত যোৱা এটি আৰক্ষী দলে চলাইছিল এই অভিযান ৷ দুলীয়াজানৰ ফেঞ্চি বজাৰ(Fancy Bazar)স্থিত বিণ্টু সিং নামৰ এজন লোকৰ দোকানত মজুত কৰি থোৱা অৱস্থাত আৰক্ষীয়ে এই বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰে ৷ এই ঘটনাৰে জড়িত থকাৰ অভিযোগত ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে দুজন লোককো আটক কৰে ৷

ইফালে শনিবাৰেও দুলীয়াজান আৰক্ষীয়ে অভিযান চলাই দুলীয়াজানৰ নতুন বাছ আস্থানৰ পৰা এখন হোটেলৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হৈছিল ৷ ইফালে আৰক্ষীৰ অভিযানৰ উমান পাই ব্যৱসায়ীগৰাকীয়ে পলায়ন কৰে বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিছে ৷ ইতিমধ্যে পলায়ন কৰা ব্যৱসায়ীগৰাকীক বিচাৰি আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছে যদিও এই পর্যন্ত লোকজনক আটক কৰিবলৈ সক্ষম হোৱা নাই ।

অবৈধ চুলাই মদ, নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে তীব্ৰৰ পৰা তীব্ৰতৰ অভিযান অব্যাহত থাকিব বুলি জানিবলৈ দি ইয়াৰ পৰা কোনো লোক সাৰি যাব নোৱাৰিব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে আৰক্ষীয়ে ৷ আবকাৰী বিভাগৰ দুৰ্বলতাৰ সুযোগ গ্রহণ কৰিয়েই দীৰ্ঘদিনৰ পৰা দুলীয়াজানৰ নতুন বাছ আস্থান, ফেন্সি বজাৰ আদি বিভিন্ন ঠাইত একাংশ ব্যৱসায়ীয়ে অবৈধ সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলাই আছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে ৷

ইফালে ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ দেওবাৰে গোলাঘাট জিলাৰ বৰপথাৰৰ সৰুপাভজান মিচিং গাঁৱত অবৈধ চুলাইৰ বিৰুদ্ধে আৰক্ষীয়ে এক অভিযান চলায় ৷ এই অভিযানত আৰক্ষীয়ে তিনিটাকৈ অবৈধ চুলাই মদৰ ঘাটি উচ্ছেদ কৰাৰ লগতে প্ৰায় ১৭০০০ লিটাৰ চুলাই বনোৱা কেঁচা সামগ্ৰী নষ্ট কৰে ৷

লগতে পঢ়ক-মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কলগাছিয়াত উত্তাল প্ৰতিবাদ চি পি আই এমৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.