ETV Bharat / crime

নলবাৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ - বৰপেটা জিলা

নলবাৰীৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ ঘগ্ৰাপাৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ ৷ আটক তিনিজন মাফিয়া ৷ উদ্ধাৰ হোৱা ড্ৰাগছখিনিৰ বজাৰ মূল্য আনুমানিক 1 কোটি টকা ৷

নলবাৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ
নলবাৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ
author img

By

Published : May 10, 2021, 9:12 PM IST

নলবাৰী,10 মে': নলবাৰী জিলাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন কলিতা আৰু ঘগ্ৰাপাৰৰ আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ ড্ৰাগছৰ বিৰুদ্ধে সফল অভিযান ৷ গোপন সূত্ৰৰ ভিত্তিত চলোৱা এক অভিযানত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত এখন চাৰিচকীয়া বাহনসহ প্ৰায় ১.৫৮ কিল’গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰে আৰক্ষীৰ এটা দলে ৷ লগতে ঘটনা সন্দৰ্ভত জড়িত থকাৰ অভিযোগত তিনি ড্ৰাগছ মাফিয়াক কৰায়ত্ত কৰে ৷ আটকধীন ব্যক্তি কেইজন বৰপেটাৰ হাউলীৰ ছৈদুল ইছলাম, ৰফিকুল ইছলাম আৰু এজন মণিপুৰৰ মাইবং তম্বা বুলি জানিব পৰা গৈছে ৷

নলবাৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ
নলবাৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ

ইফালে জব্দ হোৱা ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ১ কোটি টকা হ’ব বুলি জানিব পৰা গৈছে ৷ বৰ্তমান তিনিওগৰাকী ধৃত মাফিয়াক ঘগ্ৰাপাৰ আৰক্ষী থানাত মাৰাথান জেৰা চলাই থকা হৈছে ৷ উল্লেখ্য যে, ক’ভিডৰ ভয়াৱহতা আৰু দুপৰীয়া দুই বজাৰ পৰা হোৱা লক ডাউনৰ সুযোগ লৈ দুষ্ট চক্ৰটোৱে গুৱাহাটীৰ পৰা হাউলীলৈ লৈ গৈ আছিল ড্ৰাগছখিনি ৷

লগতে পঢ়ক : কৃষ্ণেন্দু পালক মন্ত্ৰীত্ব প্ৰদানৰ দাবী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.