ETV Bharat / crime

খেলুৱৈৰ অনুশীলনৰ পৰিৱৰ্তে ড্ৰাগছ আসক্তৰ আড্ডা ধুবুৰীৰ একমাত্ৰ ষ্টেডিয়ামত - প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰ

ধুবুৰীৰ ঝাগৰাৰপাৰ ষ্টেডিয়ামত খেলুৱৈৰ অনুশীলনৰ পৰিৱৰ্তে চলিছে ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ আসক্তৰ আড্ডা (Drug trading in stadium of Dhuburi) । ১৯৮৬ চনত আধাৰশিলা স্থাপন হোৱা ধুবুৰীৰ একমাত্ৰ ষ্টেডিয়াম খন আজিও অৰ্ধ নিৰ্মিত । বননিত পৰিণত হোৱা ষ্টেডিয়ামত দমে দমে পৰি আছে নিষিদ্ধ ড্ৰাগছ । শেহতীয়াকৈ মন্ত্ৰী বিমল বৰাই জিলা উপায়ুক্তক লগত লৈ বুজ ললে ষ্টেডিয়ামৰ (Minister Bimal bora visits Dhuburi) ।

drug-trading-in-stadium-of-dhuburi
খেলুৱৈৰ অনুশীলনৰ পৰিৱৰ্তে ড্ৰাগছ আসক্তৰ আড্ডা চলিছে ধুবুৰীৰ একমাত্ৰ ষ্টেডিয়ামত
author img

By

Published : Jan 28, 2022, 9:16 PM IST

ধুবুৰী, 28 জানুৱাৰী : ধুবুৰী জিলাৰ নৱ প্ৰজন্মৰ খেলুৱৈ সকলৰ কথা চিন্তা কৰি ১৯৮৬ চনত প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰৰ (Prafulla Mahanta government) দিনত আধাৰশিলা স্থাপন কৰা হৈছিল ধুবুৰীৰ ঝাগৰাৰপাৰ ষ্টেডিয়ামৰ । প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই আধাৰশিলা স্থাপনৰ দহ বছৰ পিছত আৰম্ভ হৈছিল ষ্টেডিয়ামৰ নিৰ্মাণ কাৰ্য্য । ধুবুৰীৰ ঝগৰাৰপাৰ অঞ্চলৰ ২৫ বিঘা মাটিত নির্মাণকাৰ্য আৰম্ভ হোৱা ষ্টেডিয়ামৰ উন্নয়নৰ নামত বিগত দিনৰ চৰকাৰে ভাগে ভাগে কেইবাটাও আঁচনিৰ জৰিয়তে লাখ লাখ টকা মোকোলাই দিলে ।

বৰ্তমানলৈকে ১কোটি ১৬ লাখ টকাৰ কাম কৰা হৈছে এইখন ষ্টেডিয়ামত। যদিওঁ সম্পূৰ্ণ নহল ধুবুৰীৰ ঝগৰাৰপাৰ একমাত্ৰ ষ্টেডিয়ামখনৰ । ইপিনে ২০০৮ চনত প্ৰয়াত তৰুণ গগৈ চৰকাৰৰ (Tarun Gogoi government) দিনত NLCPR আঁচনিৰ জৰিয়তে ২ কোটি ৬১ লাখ টকা মোকোলাই দিছিল যদিওঁ সেই ধনৰাশিৰ কোনো কাম নকৰিলে জিলা প্ৰশাসনে । তাৰ পিছত সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত ১ কোটি ২০ লাখ টকাৰ আন এটা প্ৰজেক্ট প্ৰস্তুত কৰি গড়কপ্তানী বিভাগে জমা দিছিল যদিওঁ আজিলৈকে চৰকাৰে আৱণ্টন দিয়া নাই ।

খেলুৱৈৰ অনুশীলনৰ পৰিৱৰ্তে ড্ৰাগছ আসক্তৰ আড্ডা চলিছে ধুবুৰীৰ একমাত্ৰ ষ্টেডিয়ামত
চৰকাৰ প্ৰশাসনৰ চৰম অৱহেলাৰ বাবেই আজিও অৰ্ধ নিৰ্মিত ধুবুৰীৰ একমাত্ৰ ষ্টেডিয়াম খন। অৰ্ধ নিৰ্মিত ষ্টেডিয়াম খন লাহে লাহে পৰিণত হৈছে বননিত। ইয়াৰেই সুযোগ গ্ৰহণ কৰি একাংশ ড্ৰাগছ মাফিয়াই ষ্টেডিয়ামত বজাৰ বহাইছে নিষিদ্ধ ড্ৰাগছৰ (Drug trading in stadium of Dhuburi) ।

দিনে নিশাই ষ্টেডিয়ামত চলিছে ড্ৰাগছৰ কাৰবাৰ । শেহতীয়াকৈ, মন্ত্ৰী বিমল বৰাই জিলা উপায়ুক্তক লগত লৈ বুজ ললে ষ্টেডিয়ামৰ (Minister Bimal bora visits Dhuburi) । ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে পদক্ষেপ লোৱাৰ বিপৰীতে ক্ৰীড়াৰ ক্ষেত্ৰ খনত যথেষ্ট গুৰুত্ব দিছে বুলি মন্তব্য কৰি শীঘ্ৰেই আঁচনিৰ টকা খিনি মোকোলাই দিয়াৰ লগতে নতুন আঁচনিৰ জৰিয়তে ষ্টেডিয়ামৰ নির্মাণকাৰ্য সম্পন্ন কৰাৰ আশ্বাস প্ৰদান কৰে।

লগতে পঢ়ক : Cattle smuggling in Assam : কলিয়াবৰত চোৰাংভাৱে সৰবৰাহ কৰা গৰু সহ আটক দুজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.