ETV Bharat / crime

কুখ্যাত ড্ৰাগছ ব্যৱসায়ী জজ'ক আটক - ৰমৰমীয়া ব্যৱসায়

গোলাঘাট আৰক্ষীয়ে আটক কৰিছে কুখ্যাত ড্ৰাগছ ব্যৱসায়ী মৃণাল গগৈ ওৰফে জজ'ক ৷ 21(a)/NDPS এক্টৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে জজ’ক । জামিন বিহীনভাৱে ২ বছৰ পৰ্যন্ত কাৰাগাৰ খাটিব লাগিব গোলাঘাট চানমাৰিৰ ভগা গাঁও নিবাসী ড্ৰাগছ ব্যৱসায়ী জজ'য়ে ৷

কুখ্যাত ড্ৰাগছ ব্যৱসায়ী জজ' আটক
কুখ্যাত ড্ৰাগছ ব্যৱসায়ী জজ' আটক
author img

By

Published : Apr 21, 2021, 8:55 PM IST

গোলাঘাট,21 এপ্ৰিল: পুনৰ ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ হ'ল গোলাঘাট আৰক্ষী । ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়ৰে টোপনি কঢ়া মৃণাল গগৈ ওৰফে জজ'ৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গোলাঘাট আৰক্ষীৰ । বহুবাৰ ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল জজ' । পুনৰ গোলাঘাট আৰক্ষীৰ জালত পৰিল গোলাঘাটৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী জজ' । আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰিছে কুখ্যাত ড্ৰাগছ ব্যৱসায়ী জজ'ক ।

এইবাৰ জামিন বিহীনভাৱে ২ বছৰ পৰ্যন্ত কাৰাগাৰ খাটিব লাগিব গোলাঘাট চানমাৰিৰ ভগা গাঁও নিবাসী ড্ৰাগছ ব্যৱসায়ী জজ'য়ে ৷ 21(a)/NDPS এক্টৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে জজ’ক । ড্ৰাগছ ব্যৱসায়ী জজ'সহ দীপজ্যোতি সিনহা আৰু দেৱজিৎ চেতিয়া নামৰ আন দুজন ড্ৰাগছ ব্যৱসায়ীকো কৰায়ত্ত কৰে গোলাঘাট আৰক্ষীয়ে ।

কুখ্যাত ড্ৰাগছ ব্যৱসায়ী জজ' আটক

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও জজ'ক কেইবাবাৰো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল । কিন্তু প্ৰতিবাৰেই জামিনত জেলৰ পৰা ওলাই আহি পুনৰ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল জজ'য়ে ।

লগতে পঢ়ক : ভাৰত বায়'টেকলৈ প্ৰতিষেধক বিচাৰি পত্ৰ প্ৰেৰণ অসমৰ স্বাস্থ্য বিভাগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.