পূৱ বিলাসীপাৰা, 6 ফেব্ৰুৱাৰী : ধুবুৰী জিলাৰ পূৱ বিলাসীপাৰাৰ চাপৰৰ কলনীত শনিবাৰে সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ নিজ গৃহতে উদ্ধাৰ হৈছে এহাল দম্পতীৰ মৃতদেহ ৷ পত্নীৰ মৃতদেহ কোঠালীত চিপ লৈ থকা অৱস্থাত আৰু স্বামীৰ মৃতদেহ আন এটা কোঠালীত পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে ৷ মৃত দম্পতীহালৰ নাম বিজয় ঘোষ (বাপ্পী) আৰু মামনি ঘোষ বুলি জানিব পৰা গৈছে ৷
ঘটনাস্থলীত বৰ্তমান চাপৰ আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰোনোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰিছে । উল্লেখ যে, উক্ত ঘটনাটোৱে সমগ্ৰ চাপৰ অঞ্চলত শোকৰ ছাঁ পেলাইছে ।
লগতে পঢ়ক : ডিব্ৰুগড়ত আছুৰ তৃতীয়টো অৰ্থনৈতিক প্ৰকল্পৰ উদ্বোধন