ETV Bharat / crime

ৰঙিয়াত মথাউৰি নিৰ্মাণৰ নামত ঠিকাদাৰৰ বৃহৎ দুৰ্নীতি - ৰঙিয়া ৰাজহ চক্ৰ বিষয়া

ৰঙিয়াত ঠিকাদাৰে নিম্নমানৰ কাম কৰি মথাউৰি নিৰ্মাণ কৰিছে ৷ স্থানীয় ৰাইজে ঠিকাদাৰক মথাউৰিটো বাৰাম্বাৰ অনুৰোধ কৰাৰ পিচতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে ৷

construction-corruption-in-kamrup-rangia
ৰঙিয়াত মথাউৰি নিৰ্মাণৰ নামত ঠিকাদাৰৰ বৃহৎ দুৰ্নীতি
author img

By

Published : Feb 3, 2021, 3:44 PM IST

ৰঙিয়া, 3 ফেব্ৰুৱাৰী : ৰঙিয়াত মথাউৰি মেৰামতিৰ নামত ব্যাপক দুৰ্নীতি জলসম্পদ বিভাগৰ ৷ নিম্নমানৰ সামগ্ৰী ব্য়ৱহাৰ কৰি বৃহৎ পৰিমাণৰ টকা আত্মসাৎ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

স্থানীয় ৰাইজৰ মন্তব্য

অভিযোগ অনুসৰি, কামৰূপ-নলবাৰী সীমান্তৰ দোদেতিয়া আৰু বুৰবুৰীৰ নোনা নৈৰ মথাউৰি মেৰামতিৰ নামত ব্যাপক খেলিমেলি হোৱাৰ অভিযোগ উত্থাপন হৈছে । মথাউৰিটোৰ নিৰ্মাণ 6 মিটাৰ বহল আৰু পূৰ্বৰ মথাউৰিতকৈ 1 মিটাৰ ওখ কৈ নিৰ্মাণ কৰিব লাগে । কিন্তু ঠিকাদাৰে নিজ ময়মতালিৰে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি মথাউৰি নিৰ্মাণৰ কাম কৰিছে । আনকি, মথাউৰিটোৰ দুয়োপাৰে থকা গছ-গছনিসমূহ এফালৰ পৰা কাটি তহিলং কৰাৰ অভিযোগ উত্থাপন হৈছে । ইফালে, মথাউৰি নিৰ্মাণ কৰোতে গছৰ গুৰি অথবা হাবি-জংঘলবোৰ পৰিস্কাৰ নকৰাকৈয়ে নীতি বৰ্হিভূতভাৱে মথাউৰি নিৰ্মাণ কৰা হৈছে ।

যাৰবাবে উপায়বিহীন হৈ স্থানীয় ৰাইজে কামৰূপ জিলা উপায়ুক্ত আৰু ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ ওচৰত লিখিত অভিযোগ দাখিল কৰি শীঘ্ৰে মথাউৰিটোৰ ৰাইজৰ উপকাৰ হোৱাকৈ নিৰ্মাণ কৰিবলৈ অনুৰোধ জনাইছে ৷

লগতে পঢ়ক : দশম আৰু দ্বাদশ শ্ৰেণীৰ বাবে চিবিএছই পৰীক্ষাৰ সময়সূচী ঘোষণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.