ETV Bharat / crime

বিজনীত ড্ৰাগছ বিৰোধী অভিযানত আটক 4

চিৰাঙৰ বিজনী আৰু চিদলীত পৃথকে পৃথকে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । ড্ৰাগছসহ আটক চাৰিগৰাকীকৈ সৰবৰাহকাৰী । জব্দ পালছাৰ আৰু কেটিএম বাইকৰ লগতে চাৰিটাকৈ মোবাইল ৷

ৰাজ্যজুৰি অব্যাহত ড্ৰাগছ বিৰোধী অভিযান : বিজনীত আটক 4

author img

By

Published : May 25, 2021, 9:30 PM IST

চিৰাং, 25 মে' : সমগ্ৰ ৰাজ্যতে আৰক্ষীৰ অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ মঙলবাৰে চিৰাঙৰ বিজনী আৰু চিদলীত চিৰাং আৰক্ষীয়ে পৃথকে পৃথকে অভিযান চলাই ড্ৰাগছসহ চাৰিজন লোকক আটক কৰিবলৈ সক্ষম হয় । চিৰাং জিলা আৰক্ষী বিষয়া গৌৰৱ উপাধ্যায়ে এই সন্দৰ্ভত কয় যে, জিলা সদৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধি আৰু ৰুনিখাতা চক্ৰ আৰক্ষী বিষয়া ৰুস্তম ৰাজ ব্ৰহ্মই গোপন তথ্যৰ ভিত্তিত চলোৱা অভিযানত চিদলী থানাৰ অন্তৰ্গত চান্দপুৰত ড্ৰাগছ বিক্ৰী কৰিবলৈ অহা দুজনক ড্ৰাগছসহ দুজনক আটক কৰিবলৈ সক্ষম হয় ।

ড্ৰাগছ ভৰ্তি কন্টেইনাৰসহ মোবাইল জব্দ
ড্ৰাগছ ভৰ্তি কন্টেইনাৰসহ মোবাইল জব্দ

লোক দুজন ক্ৰমে মোজাবাৰী গাঁওৰ ৰসিদ খান (১৯) আৰু পশ্চিম দেউলগুৰীৰ আবেদ আলী(১৭) । একেদৰে জিলা সদৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জনে বিজনী থানা আৰক্ষীৰ সহযোগত বিজনীৰ ডাঙাইগাঁৱত চলোৱা আন এক অভিযানত ড্ৰাগছসহ মোজাবাৰীৰ মনোহৰ হুচেইন (২৩) আৰু বৰপেটা বগোৰন্দাৰ ছাবিৰুদ্দিন আহমেদ(২২) নামৰ লোক জনক আটক কৰে ।

আটক চাৰিজনৰ পৰা ১৩ টা ড্ৰাগছ ভৰ্তি প্লাষ্টিক কন্টেইনাৰ, এটা চাবোনৰ বাকচত লোৱা ১৫.২৫০ গ্ৰাম ড্ৰাগছ, নগদ টকা 1640 টকা , চাৰিটা মোবাইল ফোন, দুটা মটৰ ছাইকেল ক্ৰমে পালছাৰ আৰু কেটিএম এটা জব্দ কৰে । তেওঁলোকৰ বিৰুদ্ধে চিদলী আৰু বিজনী থানাত গোচৰ পঞ্জীয়ণ কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও জনায় আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ে ।
লগতে পঢ়ক : পশ্চিমবংগৰ হিংসা : ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্র প্ৰেৰণ সচেতন নাগৰিক মঞ্চৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.