ডিব্ৰুগড়, 27 এপ্ৰিল: মঙলবাৰে নিশা চাবুৱাত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড । নিজা স্বামীয়ে পত্নীক চোকা অস্ত্ৰৰে হানি খুঁচি হত্যা কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ । ঘটনাৰ স্থান চাবুৱাৰ নেপালীপট্টি । স্থানীয় লোকৰ বিবৰণ অনুসৰি অজিত নায়ক নামৰ ব্যক্তিজনে নিজ বাসগৃহত বিচনাতে চোকা অস্ত্ৰৰে হানি খুচি নিহত কৰে পত্নী মনিষা নায়কক । তেজেৰে তুমুৰলি হৈ পৰে সমগ্ৰ বিচনা । আনহাতে কণমানিটিৰ কান্দোন শুনাৰ পাছতহে ৰাতিপুৱাহে পোহৰলৈ আহে সমগ্ৰ ঘটনা । ইয়াৰ পাছতে ঘটনাস্থলীত চাবুৱা আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে অভিযুক্ত অজিত নায়কক ।
ইফালে অজিত নায়কে চোকা অস্ত্ৰৰে খুচি গুৰুতৰভাৱে আহত কৰে নিজা দুবছৰীয়া কন্যা পৰিস্মিতা নায়কক ৷ সংকটজনক অৱস্থাত গুৰুতৰভাৱে আহত কন্যাক চিকিৎসাৰ বাবে অসম মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে । ইপিনে ঘৰত অসহায় হৈ পৰি ৰৈছে দুটি মৰমলগা পাঁচমহীয়া কন্যা সন্তান । অৱশ্যে বৰ্তমান সময়লৈকে হত্যাকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই । এই হত্যাকাণ্ডক লৈ ইতিমধ্যে এতিয়া সমগ্ৰ চাবুৱাতে সৃষ্টি হৈছে চাঞ্চল্যৰ ।
লগতে পঢ়ক :ধিঙৰ ক‘ভিড-19 ৰ প্ৰতিষেধক প্ৰদান কেন্দ্ৰত ব্যাপক ভিৰ