ETV Bharat / crime

কামৰূপৰ আঠিয়াবৈত লোমহৰ্ষক হত্যাকাণ্ড - গাওবুঢ়াৰ ভূমিকা

কামৰূপৰ আঠিয়াবৈত লোমহৰ্ষক হত্যাকাণ্ড ৷ পিতৃক পুত্ৰই হত্যা কৰাৰ সন্দেহ ৷ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ ৷

baihata-suspected-murder
কামৰূপৰ আঠিয়াবৈত লোমহৰ্ষক হত্যাকাণ্ড
author img

By

Published : May 26, 2021, 11:01 PM IST

বাইহাটা, 26 মে': কামৰূপৰ আঠিয়াবৈত লোমহৰ্ষক হত্যাকাণ্ড । পিতৃক পুত্ৰই হত্যা কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ । পুত্ৰ ৰাতুল কলিতাৰ বিৰুদ্ধে ক্ষোভিত ৰাইজ । দীৰ্ঘদিন ধৰি মানসিক আৰু শাৰীৰিক অত্যাচাৰ কৰি অহাৰ অভিযোগ পুত্ৰ ৰাতুল কলিতাৰ বিৰুদ্ধে ।

নিহত ৰমেশ কলিতাক পুত্ৰই নিশা ঘৰৰ পৰা খেদি দিয়াৰ অভিযোগ ৰাইজৰ । বুধবাৰে পুৱা 11 মান বজাত ঘৰলৈ ওভতি আহিছিল পিতৃ ৰমেশ কলিতা । ইয়াৰ পিছতে হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ ৰাইজৰ । চাংসাৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে চিকিৎসালয়লৈ ।

কামৰূপৰ আঠিয়াবৈত লোমহৰ্ষক হত্যাকাণ্ড

আৰক্ষীয়ে ঘটনাস্থলীত পলমকৈ হোৱাৰ পৰিপেক্ষিতত একাংশ ৰাইজ ক্ষোভিত হৈ পৰে আৰক্ষীৰ বিৰুদ্ধে ৷ গাওবুঢ়াৰ ভূমিকাক লৈও সন্দেহ স্থানীয় ৰাইজৰ ৷ পুৰ্বেও বিভিন্ন অপৰাধজনিত ঘটনাৰ সৈতে জড়িত আছিল ৰাতুল কলিতা ৷

প্ৰথমা পত্নীক মাৰধৰ কৰি খেদি দি পুনৰ দ্বিতীয় বিবাহ কৰাই ৰাতুল কলিতাই ৷ এই সম্পৰ্কে প্ৰথমা পত্নীয়ে চাংসাৰি থানাত গোচৰ তৰিছিল । পিতৃৰ মৃত্যুত কোনো অনুশোচনা নাই পুত্ৰ ৰাতুল কলিতাৰ ৷

লগতে পঢ়ক: ক'ভিড 19: দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.