ETV Bharat / crime

বিলাসীপাৰাৰ গৌৰাং নৈত জব্দ 1000 লিটাৰ খাৰুৱা তেল - ধুবুৰীত চোৰাং খাৰুৱা তেল জব্দ

বিলাসীপাৰাৰ গৌৰাং নৈত (Gaurang River) জব্দ প্ৰায় 1000 লিটাৰ খাৰুৱা তেল ৷ দেওবাৰে নিশা আৰক্ষী আৰু দণ্ডাধীশৰ যৌথ অভিযানত জব্দ হয় তেলখিনি ।

1000 illegal's Crude Oil Seized By Police At Bilashipara, Dhubri District
বিলাসীপাৰাৰ গৌৰাং নৈত জব্দ 1000 লিটাৰ খাৰুৱা তেল
author img

By

Published : Jul 26, 2021, 11:34 AM IST

পশ্চিম বিলাসীপাৰা, 26 জুলাই : ধুবুৰী জিলাত (Dhubri District) দৈনিক সংঘটিত হৈ আহিছে বহু অপৰাধমূলক ঘটনা ৷ এই অপৰাধমূলক ঘটনাৰ বিৰুদ্ধে তীব্ৰৰ পৰা তীব্ৰতৰ অভিযান অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষী (Dubri Police) তথা প্ৰশাসনে (Administration) ৷ দেওবাৰেও তেনে এটা ঘটনা পোহৰলৈ আহে জিলাখানত ৷

বিলাসীপাৰাৰ গৌৰাং নৈত জব্দ 1000 লিটাৰ খাৰুৱা তেল

ধুবুৰীৰ বিলাসীপাৰাৰ গৌৰাং নৈৰ (Gaurang River) কাজাইকাটাত দেওবাৰে নিশা আৰক্ষী আৰু দণ্ডাধীশে চলোৱা যৌথ অভিযানত জব্দ হয় প্ৰায় ১০০০ লিটাৰ চোৰাং খাৰুৱা তেল (Crude oil)। এক গোপন সূত্ৰৰ পম খেদি আৰক্ষী তথা প্ৰশাসনে যুটীয়াভাৱে এই অভিযান চলায় ৷ কোনো অসাধু চক্ৰই গৌৰাং নৈৰ (Gowrang River) মাজেৰে চোৰাংভাৱে তেল সৰবৰাহৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে ৷

লগতে পঢ়ক-হোজাইত গাঞ্জাসহ আটক সৰবৰাহকাৰী

উল্লেখ্য যে, তেল চুৰি চক্ৰটোৱে যন্ত্ৰচালিত নাৱৰে ব্ৰহ্মপুত্ৰ (Bramhaputra River) নদীয়েদি গোৱালপাৰাৰ পৰা বিলাসীপাৰা অভিমুখে লৈ আহি আছিল ৷ তেনে সময়তে তেলখিনি জব্দ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে । অভিযানকাৰী দলটোক দেখি সৰবৰাহকাৰীকেইটাই তেল ভৰ্তি ড্ৰাম কেইটা নদীত পেলাই দিছিল বুলি আৰক্ষীয়ে সদৰি কৰিছে ৷

অৱশ্যে তেল ভৰ্তি ড্ৰাম কেইটা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় যদিও এন্ধাৰৰ সুযোগ লৈ পলাই যাবলৈ সক্ষম হয় তেল সৰবৰাহকাৰীকেইটা । সম্প্ৰতি জব্দ কৰা চোৰাং খাৰুৱা তেলখিনি বিলাসীপাৰা আৰক্ষীৰ (Bilasipara Police) জিম্মাত আছে। চোৰাং তেল সৰবৰাহকাৰী চক্ৰটোৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

ইতিমধ্যে জিলাখনত ড্ৰাগছ তথা বিভিন্ন নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷ আৰক্ষীৰ অভিযানত ইতিমধ্যে লাখ-লাখ টকাৰ ড্ৰাগছৰ লগতে অবৈধ চুলাই মদ, ভাং ইত্যাদি জব্দ কৰা হৈছে ৷ অকল সেয়াই নহয় বহু কেইজন ড্ৰাগছ মাফিয়াকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ যেতিয়ালৈ জিলাখনত অপৰাধমূলক ঘটনা বন্ধ নহ'ব, তেতিয়ালৈ ইয়াৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থাকিব বুলি সকীয়াই দিছে ধুবুৰী জিলা আৰক্ষীয়ে ৷

লগতে পঢ়ক-গোলাঘাট আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.