ETV Bharat / city

জিতেন দত্ত, জোন ভূঞাক আলফাৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ

জিতেন দত্ত আৰু জোন ভূঞাক আলফাৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰিছে কেন্দ্ৰীয় কাৰ্যকৰী সমিতিৰ সভাই । আনহাতে, জিতেন দত্তক বহিষ্কাৰ কৰাৰ চাৰিটা কাৰণ দৰ্শাইছে আলফাই ৷

author img

By

Published : Oct 9, 2020, 5:24 PM IST

জিতেন দত্ত, জোন ভূঞাক আলফাৰ প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ
আলফাৰ বিবৃতি

তিনিচুকীয়া, 9 অক্টোবৰ : জিতেন দত্ত আৰু জোন ভূঞাক আলফাৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰিছে কেন্দ্ৰীয় কাৰ্যকৰী সমিতিৰ সভাই । উল্লেখ্য যে, জিতেন দত্তক বহিষ্কাৰ কৰাৰ চাৰিটা কাৰণ প্ৰদান কৰা হৈছে :

1. বিভিন্ন প্ৰচাৰ মাধ্যমত জিতেন দত্ত সম্পৰ্কে উত্থাপিত অভিযোগসমূহৰ সংক্ৰান্তত আত্মপক্ষ সমৰ্থন কৰাৰ সুযোগ পোৱাৰ পিছতো পলায়নবাদী মনোভাৱ গ্ৰহণ কৰি ৰাজহুৱা সভাত অনুপস্থিত থকা ।

2. বিভিন্ন সময়ত কৰ্তৃত্বহীনভাৱে দলীয় শৃংখলা ভংগ কৰি কেন্দ্ৰীয় নেতৃত্ব আৰু দলৰ বিৰুদ্ধে প্ৰতিক্ৰিয়াশীল মন্তব্য প্ৰদান কৰা ৷

3. নিজে ৰাইজ মেলত উপস্থিত থাকিব বুলি প্ৰত্যাহ্বান গ্ৰহণ কৰিও অৱশেষত ৰাইজ মেলত উপস্থিত নথকা ৷

4. নিজৰ সকলো ভুলৰ বাবে সামাজিক মাধ্যমত ফোনযোগে আত্ম-স্বীকাৰোক্তি প্ৰদান কৰা ৷

জিতেন দত্ত, জোন ভূঞাক আলফাৰ প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ
জিতেন দত্ত

লগতে যুদ্ধবিৰত গোটৰ সদস্যৰ তালিকাত ভুলক্রমে আত্মসমৰ্পণকৰী বিজয় চাইনীজৰ নাম সংলগ্ন হোৱাৰ বাবে তেওঁলৈ আগবঢ়োৱা সকলো প্ৰকাৰৰ আর্থিক অনুদান বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । যোৱা 4 অক্টোবৰত কাকপথাৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা ৰাইজমেলৰ পাছতে শ্বহীদৰ পৰিয়ালসমূহে দুটা প্ৰস্তাৱ আগবঢ়াইছিল :

1. জিতেন দত্তক যুদ্ধবিৰতি গোটৰ পৰা বহিষ্কাৰ কৰক ।

2. যদি বহিস্কাৰ কৰিব নোৱাৰে কাকপথাৰ ডেজিগনেটেড শিবিৰটো কাকপথাৰৰ পৰা উঠাই দিয়ক ।

বিজয় চাইনীজ

উল্লেখ্য যে, যোৱা 23 আগষ্টৰ পৰা আলোচনাপন্থী নেতা জিতেন দত্তক সতীৰ্থ হত্যা, নাৰী ধৰ্ষণকাৰী, নাৰী ব্যৱসায়ত লিপ্ত হোৱা আৰু সতীৰ্থক শত্ৰুপক্ষৰ হাতত ধৰাই দিয়াৰ অভিযোগ উত্থাপন কৰি বিস্ফোৰক তথ্য দাঙি ধৰিছিল । ইয়াৰ পাছতে শ্বহীদৰ পৰিয়ালসমূহৰ লগতে সহ সতীৰ্থসকলে দত্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছিল । দত্তই পৰিকল্পিতভাৱে হত্যা কৰা বুলি প্ৰমান দিয়া শ্বহীদৰ পৰিয়ালসমূহে জিতেন দত্তৰ বিৰুদ্ধে সংবাদ মাধ্যমত ক্ষোভ উজাৰি নিজ ভাতৃ অথবা পুত্ৰৰ মৃত্যুৰ সত্যতা প্ৰমাণ কৰিবলৈ হুংকাৰ দিছিল ।

জোন ভূঞা

ইফালে এইসমূহ বিতৰ্কৰ পাছতেই জিতেন দত্তই অভিযোগসমূহৰ প্ৰমান দিবলৈ কাকপথাৰৰ জিলা পুথিভৰাঁলত ৰাইজমেল পতাৰ কথা প্ৰকাশ কৰিছিল । কিন্তু পৰৱৰ্তী সময়ত ৰাইজমেলৰ প্ৰসংগত শ্বহীদৰ পৰিয়ালসকলে দিন নিৰ্ধাৰিত কৰাৰ পাছতেই ৰাইজমেলৰ প্ৰাক্ মুহুৰ্ততেই ফেচবুকত পোষ্ট কৰি বিতৰ্কৰ অন্ত পেলাই পলায়ন কৰিছিল জিতেন দত্তই ৷

আনহাতে, বিজয় চাইনীজৰ ওপৰতো শ্বহীদৰ পৰিয়ালে বিনিময়ত সহ সতীৰ্থক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছিল । এতিয়ালৈ সংবাদ মাধ্যমৰ আগত এই সম্পৰ্কে কোনো স্পষ্টীকৰণ দিয়া নাই নেতাদ্বয়ে ।

লগতে পঢ়ক : কাছাৰত মৰেল পুলিচিং : নিৰ্মমভাৱে প্ৰহাৰ গাড়ী চালকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.