ETV Bharat / city

Illegal encroachers : অবৈধ বেদখলকাৰীৰ কৱলত ছৈখোৱাৰ ধলা বজাৰ

বেদখলকাৰীৰ কৱলত শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত এখন অতি পুৰণি চহৰ ধলা বজাৰ ৷ পদপথৰ লগতে মথাউৰিৰ ওপৰত অবৈধভাৱে গৃহ নিৰ্মাণ কৰাৰ লগতে বিভিন্নজনে চলাই গৈছে দোকানৰ ব্যৱসায় ৷ ব্যাপক যান জঁটৰ সমস্যাত ধলাবাসী ৷

author img

By

Published : Nov 21, 2021, 9:36 PM IST

saikhowa-dhola-bazar-under-the-control-of-illegal-encroachers
অবৈধ বেদখলকাৰীৰ কৱলত ছৈখোৱাৰ ধলা বজাৰ

শদিয়া, 21 নৱেম্বৰ : তিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ছৈখোৱা খণ্ড উন্নয়ন বিষয়া কাৰ্যালয় অধীনৰ ছৈখোৱা পঞ্চায়তৰ এখন অতি পুৰণি চহৰ ধলা বজাৰ(Saikhowa Dhola Bazar) ৷ ড৹ ভূপেন হাজৰিকা সেঁতু(Bhupen Hazarika Setu) নিৰ্মাণৰ পূৰ্বে অতিকৈ ব্যস্ত চহৰ হিচাপে জনাজাত এই ধলা বজাৰ চহৰ ৷ কিন্তু এই ধলা বজাৰ চহৰখন এতিয়া অবৈধ বেদখলকাৰী(Illegal encroachers)ৰ কৱলত ৷

সদাব্যস্ত এই ক্ষুদ্ৰ চহৰখনত এতিয়া পদপথৰ লগতে মথাউৰিৰ ওপৰতো ভূমি বেদখল কৰি অবৈধভাৱে গৃহ, দোকান আদি নিৰ্মাণ কৰিছে একাংশ ব্যৱসায়ীৰ লগতে বিভিন্নজনে ৷ যাৰ ফলত যাত্ৰীবাহী বাছৰ লগতে অন্য যান-বাহনসমূহ ৰাজপথৰ ওপৰতে ৰাখিবলগীয়া হয় বিভিন্নজনে ৷ যান-বাহনসমূহ পথৰ ওপৰতে ৰখাৰ বাবে সম্পূৰ্ণৰূপে আৱদ্ধ হৈ পৰে পূৰ্বৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো ৷

অবৈধ বেদখলকাৰীৰ কৱলত ছৈখোৱাৰ ধলা বজাৰ

বাৰিষা হোৱাৰ লগতে এজাক বৰষুণতে পানীৰ তলত বুৰ যায় ধলা বজাৰৰ একাংশ দোকান ৷ সৃষ্টি হয় কৃত্ৰিম বানপানীৰ ৷ ক্ষুদ্ৰ চহৰখনৰ সকলো নলা-নৰ্দমা বন্ধ হৈ পৰিছে ৷ কিন্তু এই সকলোবোৰ দেখিও যেন চকু মুদা কুলিৰ ভাও ধৰি আহিছে ছৈখোৱা উন্নয়ন খণ্ডৰ লগতে ছৈখোৱা গাঁও পঞ্চায়ত আৰু ধলা আৰক্ষী থানাই ৷

অবৈধভাৱে পদপথৰ ওপৰত দোকান বঢ়াই ব্যৱসায় চলোৱা ব্যৱসায়ীসকলে এই দোকানসমূহ চলোৱাৰ বিনিময়ত পঞ্চায়তক কৰ দিয়াৰ কথা স্পষ্টকৈ উল্লেখ কৰে ৷ ধলা অঞ্চলৰ কেইবাগৰাকীও ব্যৱসায়ীৰ লগতে সচেতন নাগৰিকে এই সমস্যাৰ ওপৰত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছৈখোৱা খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়, ছৈখোৱা গাঁও পঞ্চায়তৰ লগতে স্থানীয় শদিয়াৰ বিধায়ক বলিন চেতিয়াক আহ্বান জনাইছে ৷

শদিয়া, 21 নৱেম্বৰ : জাৱৰৰ দমত বহিছে Pathsala Weekly Market

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.