তিনিচুকীয়া, 16 নৱেম্বৰ: ৰঙাগড়া চাহ বাগিছাত উত্তপ্ত পৰিস্থিতি ৷ বাগিছাখনৰ পৰিচালকৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ ৷ তিনিচুকীয়া ৰঙাগড়া চাহ বাগিচাৰ পৰিচালক অজয় কুমাৰ টমাৰৰ বিৰুদ্ধে বাগিছাখনৰে এগৰাকী যুৱতীক ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগ । বঙলালৈ কৰ্মসূত্ৰে যোৱা মহিলা শ্ৰমিকগৰাকীক গাত হাত দিয়াৰ লগতে পৰিয়ালৰ চাকৰিৰ ভয় ভাবুকি প্ৰদান কৰি অসৎ কাৰ্য সম্পন্ন কৰে বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে পৰিচালকগৰাকীৰ বিৰুদ্ধে ৷
ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিচতেই বাগিছাখনৰ শ্ৰমিকসকলে বাগিছাখনৰ কলঘৰ ঘেৰাও কৰি উত্তপ্ত কৰি তোলে পৰিস্থিতি ৷ পিচত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও বৰ্তমানেও পলাতক বাগিছাখনৰ পৰিচালক অজয় কুমাৰ টমাৰ ৷
লগতে চাওক- অযোধ্যা ৰায়দানৰ বিৰুদ্ধে পুনৰীক্ষণৰ আৱেদনৰ বাবে সাজু 'অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' ব’ৰ্ড' !