ETV Bharat / city

ডিগবৈৰ গোলাইত ভয়ংকৰ পথ দুৰ্ঘটনা - ডিগবৈ

ডিগবৈ গোলাইত ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত নৈশবাছ আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষৰ ফলত চালক সহ কেইবাজনো লোক আহত হয় ৷ ইতিমধ্যে আহত লোক সকলক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

Raod Accident At Digboi
ডিগবৈৰ গোলাইত ভয়ংকৰ পথ দুৰ্ঘটনা
author img

By

Published : May 4, 2021, 2:29 PM IST

তিনিচুকীয়া, 4 মে': তিনিচুকীয়া জিলাৰ ডিগবৈ গোলাইত ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে পুৱাই এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ ডিগবৈৰ ২ নং গোলাইৰ টাৰ্মিনেল কাষত গুৱাহাটীৰ পৰা জাগুন অভিমুখে আহি থকা অৱস্থাত AS01-GC 0277 নম্বৰৰ নৈশবাছ আৰু মাৰ্ঘেৰিটা দিশৰ পৰা অহা এখন শিল কঢ়িয়াই অনা AS23 AC-8721 নম্বৰৰ ডাম্পাৰৰ মুখামুখি সংঘৰ্ষৰ হোৱাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো ৷

ফলত নৈশবাছ আৰু ডাম্পাৰৰ দুয়োজন চালকে গুৰুতৰভাৱে আহত হোৱাৰ লগতে বাছখনৰ বহু যাত্ৰী গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় । ইফালে ৰাষ্ট্ৰীয় ঘাইপথৰ মাজতে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যান-যঁতৰ সৃষ্টি হৈ বহু বাহন আবদ্ধ হৈ পৰে ৷

কেইবাঘণ্টা উদ্ধাৰ অভিযানৰ অন্তত আহতযাত্ৰী সকলক আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে কেইবাজনো লোকক ৷

লগতে পঢ়ক-অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.