ETV Bharat / city

এমাহেও নিৰ্বাপিত নহ'ল বাঘজানৰ জুইঃ গুইজানত পুনৰ উত্তপ্ত পৰিস্থিতি - বাঘজান তৈলখাদ

বাঘজান তৈলখাদৰ অগ্নিকাণ্ডৰ ফলত সৃষ্টি হোৱা ভূ-কম্পনৰ বাবে তিনিচুকীয়াৰ নতুন ৰঙাগড়াবাসীৰ বিস্তৰ ক্ষতি সাধন হয় ৷ ইতিমধ্যে ক্ষতিগ্ৰস্ত লোক সকলে গুইজান হাইস্কুলত আশ্ৰয় গ্ৰহণ কৰি আছে যদিও হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

Public protest Against Oil India limited At Tinsukia
গুইজানত পুনৰ উত্তপ্ত পৰিস্থিতি
author img

By

Published : Jul 2, 2020, 9:45 PM IST

তিনিচুকীয়া, 2 জুলাইঃ তিনিচুকীয়াৰ গুইজানত অইলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে ৷ বাঘজান তৈলখাদৰ অগ্নিকাণ্ডৰ প্ৰায় এমাহ সম্পূৰ্ণ হোৱাৰ পিছতো আগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম নোহোৱাত ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ ৷

গুইজানত পুনৰ উত্তপ্ত পৰিস্থিতি

উল্লেখ্য যে, বাঘজান তৈলখাদৰ অগ্নিকাণ্ডৰ প্ৰায় এমাহ সম্পূৰ্ণ হ'ল ৷ কিন্তু এতিয়াও তৈল খাদটোত সংঘটিত অগ্নিকাণ্ড নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই অইল কৰ্তৃপক্ষই ৷ ইতিমধ্যে উক্ত অগ্নিকাণ্ডটোত হাজাৰ হাজাৰ বিঘা কৃষি ভূমি, ঘৰ দুৱাৰ, বহু জীৱ জন্তুৰ বিস্তৰ ক্ষতি সাধন হৈছে ৷ তাৰোপৰি ক্ষতিগ্ৰস্ত লোক সকলৰ এতিয়া থাকিবলৈ ঘৰ দুৱাৰ নোহোৱাৰ উপৰিও তীব্ৰ খাদ্য সংকটত পৰিছে অঞ্চলটোৰ ৰাইজ ৷ কিন্তু দুখৰ বিষয় যে, উক্ত ঘটনাত ক্ষতিগ্ৰস্ত লোক সকলক চৰকাৰে ক্ষতি পূৰণ দিম বুলি প্ৰতিশ্ৰুতি দিছিল যদিও এতিয়ালৈ কিন্তু কোনো সাহাৰ্য প্ৰদান নকৰিলে বুলি অভিযোগ কৰে ক্ষতিগ্ৰস্ত লোক সকলে ৷

উল্লেখ্য যে, তিনিচুকীয়াৰ গুইজান হাইস্কুলৰ আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা নতুন ৰঙাগড়া গাঁওবাসীৰ বিস্তৰ ক্ষতি হৈছিল । আশ্ৰয় শিবিৰত বাস কৰা লোক সকলক অইল আৰু চৰকাৰ প্ৰশাসনে কোনোধৰণৰ সাহাৰ্য প্ৰদান নকৰাৰ অভিযোগত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় গাঁওবাসীয়ে । উক্ত ঘটনাত ক্ষুব্ধ হৈ আশ্ৰয় শিবিৰত বাস কৰা প্ৰায় শতাধিক পুৰুষ-মহিলাই অইলৰ সঞ্চালক সুশীল চন্দ্ৰ মিশ্ৰৰ পুত্তলিকা দাহ কৰে ৷ লগতে বাঘজানৰ তৈলখাদৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক অতিশীঘ্ৰে উপযুক্ত ক্ষতিপূৰণ দিয়াৰ লগতে অঞ্চলটোৰ বায়ু,পানী, মাটিৰ প্ৰদুষনমুক্ত কৰিবলৈও দাবী জনায় প্ৰতিবাদকাৰী সকলে।

লগতে পঢ়ক- মূল্য বৃদ্ধিৰ বিৰুদ্ধে যোৰহাটতত তীব্ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.