ETV Bharat / city

বাঘজান তৈলখাদ ঘেৰাও কৰিলে উত্তেজিত ৰাইজে

author img

By

Published : Jun 4, 2020, 8:56 PM IST

চৰকাৰ তথা অইল ইণ্ডিয়া কৰ্তৃপক্ষই কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ প্ৰতিবাদত বৃহস্পতিবাৰে আশ্ৰয় শিবিৰৰ পৰা বাঘজান তৈলখাদলৈকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে। অতি শীঘ্ৰে ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ প্ৰদান নকৰিলে তৈলখাদত আত্মজাহৰ হুংকাৰ প্ৰতিবাদকাৰী সকলৰ।

ETV BHARAT
বাঘজান তৈলখাদ ঘেৰাও কৰিলে উত্তেজিত ৰাইজে

ডুমডুমা, 4 জুনঃ তিনিচুকীয়া জিলাৰ বাঘজানৰ তৈলখাদ ঘেৰাও কৰি ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰে প্ৰতিবাদকাৰী সকলে ৷

বাঘজান তৈলখাদ ঘেৰাও উত্তেজিত ৰাইজৰ

তিনিচুকীয়াৰ বাঘজান তৈল খাদত অহৰহ গেছ নিৰ্গত হোৱা কাণ্ডৰ বিৰুদ্ধে ইতিমধ্যে বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ ইতিমধ্যে,উক্ত তৈল খাদৰ পৰা নিৰ্গত হোৱা গেছে বিভিন্ন জীৱ-জন্তুৰ লগতে গছ-গছনি ধ্বংস কৰিছে ৷ আনহাতে,তৈল খাদৰ দাঁতিকাষৰীয়া অঞ্চলৰ লোকসকলে ঘৰ দুৱাৰ এৰি আশ্ৰয় শিবিৰ লৈ স্থানান্তৰ হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ আনহাতে,নৱম দিনলৈকে অব্যাহত আছে বাঘজান তৈলখাদৰ পৰা এতিয়াও প্ৰশমিত হোৱা নাই গেছৰ নিৰ্গমণ । তৈল খাদৰ পৰা নিৰ্গত হোৱা গেছ বন্ধ কৰিবলৈ সক্ষম হোৱা নাই অইল ইণ্ডিয়া কৰ্তৃপক্ষ ৷ তাৰোপৰি,বিভিন্ন দল সংগঠনৰ উপৰিও বাঘজানৰ ৰাইজে 4 জুনলৈকে গেছ ওলোৱা বন্ধ কৰিবলৈ উপযুক্ত ব্যৱস্থা কৰিবলৈ সময়সীমা বান্ধি দিছিল ৷ কিন্তু বিফল হয় অইল কৰ্তৃপক্ষ ৷ আনহাতে অইল ইণ্ডিয়া কৰ্তৃপক্ষই আশ্ৰয় শিবিৰত থকা লোক সকলৰ দাবীৰ প্ৰতিও কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ প্ৰতিবাদত বৃহস্পতিবাৰে ৰাজপথলৈ ওলাই আহে বাঘজানৰ আশ্ৰয় শিবিৰত থকা হাজাৰ-হাজাৰ লোক । বাঘজানবাসী ৰাইজৰ দাবীৰ প্ৰতি চৰকাৰ তথা অইল ইণ্ডিয়া কৰ্তৃপক্ষই কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ প্ৰতিবাদত আজি আশ্ৰয় শিবিৰৰ পৰা বাঘজান তৈলখাদলৈকে বৃহত প্ৰতিবাদী কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে লোকসকলে । প্ৰতিবাদকাৰী সকলে "অইল ইণ্ডিয়া গ' বেক, অইলৰ CMD মুৰ্দাবাদ,অসম চৰকাৰ হায়-হায় আদি বিভিন্ন শ্ল'গানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে, তাৎক্ষণিকভাৱে ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ প্ৰদান নকৰিলে তৈলখাদতেই আত্মজাহৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে । অন্যহাতে,কেন্দ্ৰীয় মন্ত্ৰী যোগেন মোহনে শিহুৰ লগতে মাছ-কাছ মৃত্যুৰ কাৰণ সম্পৰ্কে কৰা বিতৰ্কিত মন্তব্যৰ স্পষ্টীকৰণ প্ৰদান কৰিবলৈও দাবী জনাইছে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক- পাণবজাৰ এপেক্স বেংকৰ প্ৰৱন্ধকক সকীয়নি লাচিত সেনাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.