ETV Bharat / city

ধলা চাহ বাগিচাত আটছাৰ প্ৰতিবাদী কাৰ্যসূচী - চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত প্ৰতিবাদ

চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত ধলা চাহ বাগিচাত আটছাৰ প্ৰতিবাদী কাৰ্যসূচী ৷ বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল ৷

আটছাৰ প্ৰতিবাদী কাৰ্যসূচী
ধলা চাহ বাগিচাত আটছাৰ প্ৰতিবাদী কাৰ্যসূচী
author img

By

Published : Dec 2, 2020, 7:54 AM IST

শদিয়া, 2 ডিচেম্বৰ : চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত ধলা চাহ বাগিচাত আটছাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদকাৰীসকলে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷

আটছাৰ প্ৰতিবাদী কাৰ্যসূচী
ধলা চাহ বাগিচাত আটছাৰ প্ৰতিবাদী কাৰ্যসূচী

প্ৰতিবাদকাৰীসকলে চাহ বাগিচাত কৰ্মৰত শ্ৰমিকৰ আৱাসগৃহ মেৰামতি কৰা, আকাশলংঘী অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৰোধ কৰা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰা, স্বাস্থ্য সেৱাৰ নামত ভেঁকোভাওনা বন্ধ কৰি শ্ৰমিকৰ উন্নত স্বাস্থ্য সেৱা প্ৰদান কৰা, চৰকাৰী যিকোনো আঁচনি বাগিচাত প্ৰযোজ্য হোৱাকৈ‌ NOC দিয়াৰ ব্যৱস্থা কৰা, ধলা চাহ বাগিচাৰ ভুমি বেদখল মুক্ত কৰাৰ লগতে শ্ৰমিকৰ জলন্ত সমস্যাসমূহ শীঘ্ৰে সমাধান কৰাৰ দাবী উত্থাপন কৰে ৷ বাগিচা মালিক পক্ষ আৰু চৰকাৰক দাবী জনাই তিনিচুকীয়া জিলাৰ ধলা চাহ বাগিচাৰ ফেক্টৰীৰ মুখ্যদ্বাৰত প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে আটছাই ৷

আটছাৰ প্ৰতিবাদী কাৰ্যসূচী
ধলা চাহ বাগিচা

লগতে দাবীসমূহৰ প্ৰতি যদি গুৰুত্ব নিদিলে 2021 চনৰ নিৰ্বাচনত চৰকাৰক উচিত প্ৰত্যুত্তৰ দিয়াৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক : ছাগলীয়াত চিলনী চোৰৰ সন্ত্ৰাস, লুটি নিলে ডেৰ লাখ টকা

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.