তিনিচুকীয়া, 16 আগষ্ট : দেওবাৰে সমগ্ৰ দেশ তথা ৰাজ্যজুৰি উদযাপন কৰা হয় দেশৰ 75 সংখ্যক স্বাধীনতা দিৱস ৷ দেশবাসীয়ে সুঁৱৰিছে বীৰ শ্বহীদ সকলক ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ তিনিচুকীয়াটো উদযাপন কৰা হয় স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি তিনিচুকীয়া জিলাত বৃক্ষ ৰোপণ আৰু সংৰক্ষণৰ এক কাৰ্যসূচীও অনুষ্ঠিত কৰা হয় ৷
তিনিচুকীয়াৰ চান্দমাৰী তিনিআলিস্থিত কচুজান উন্নয়ন সমিতিৰ চৌহদত কচুজান আঞ্চলিক যুৱ সংঘৰ সৌজন্যত অনুষ্ঠিত কৰা হয় এই কাৰ্যসূচী ৷ পৰিৱেশ সুৰক্ষা সমিতি, অসমৰ ভাষা ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণত গ্ৰহণ কৰা বৃক্ষ ৰোপণ আৰু সংৰক্ষণ কাৰ্যসূচীত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে বাবুলি শইকীয়া ৷
লগতে পঢ়ক: বাক্সাৰ মুছলপুৰত 75 সংখ্যক স্বাধীনতা দিৱস উদযাপন
এই অনুষ্ঠানতে উপস্থিত থাকে পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ঋতুৰাজ বৰুৱা, বৰগুৰি গাঁও পঞ্চায়তৰ সভাপতি ধৰ্মজ্যোতি বৰপাত্ৰ গোহাঁই কচুজান মহিলা সমিতিৰ সভানেত্ৰী-সম্পাদিকা, সদৌ অসম ছাত্ৰ সন্থা, তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক সমৰজ্যোতি বৰগোসাঁইৰ লগতে কচুজান আঞ্চলিক যুৱ সংঘৰ বিষয়-ববীয়া আৰু স্থানীয় ৰাইজ ।
ইফালে মাদক দ্ৰব্যৰ বিক্ৰী তথা সেৱন বন্ধ কৰাৰ ক্ষেত্ৰটো তিনিচুকীয়াবাসী ৰাইজে লৈছে বিশেষ পদক্ষেপ ৷ স্বাধীনতা দিৱসৰ এই অনুষ্ঠানৰ পৰাই মাদক দ্ৰব্য বিক্ৰী কৰি থকা ওচৰৰ দোকান সমূহত কচুজান আঞ্চলিক যুৱ সংঘৰ বিষয়-ববীয়া আৰু স্থানীয় ৰাইজে গৈ অতি সোনকালে বিক্ৰী বন্ধ কৰিবলৈ আহ্বান জনায় । অন্যহাতে, যদি বন্ধ নকৰে তেন্তে তেওঁলোকে আইনৰ কাষ চাপিব বুলিও সকীয়নী প্ৰদান কৰে সচেতন মহলে ।
লগতে পঢ়ক: স্বাধীনতা দিৱস পালন কৰি আত্মজাহৰ ভাবুকি কাউৰজাহীবাসীৰ