ETV Bharat / city

সকলো ভুল সংবাদ মাধ্যমৰঃ পিযুষ হাজৰিক !

শুকুৰবাৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয়ৰ আইচুলেচন কোঠাত মৃতদেহৰ সৈতে উদ্ধাৰ হৈছিল দুজনকৈ জীৱিত ৰোগী ৷

author img

By

Published : Aug 4, 2019, 8:33 PM IST

চিকিৎসালয়ত উপস্থিত হয় মন্ত্ৰী পিযুষ হাজৰিকা

তিনিচুকীয়া,4আগষ্ট : মন্ত্ৰী, বিভাগ সকলো শুদ্ধ পাচে ভুল মাথো সংবাদ মাধ্যমৰ ৷ দেওবাৰে তিনিচুকীয়াৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ এই মন্তব্য মন্ত্ৰী পিযুষ হাজৰিকাৰ ৷

চিকিৎসালয়ত উপস্থিত হয় মন্ত্ৰী পিযুষ হাজৰিকা

উল্লেখ্যযোগ্য যে, শুকুৰবাৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয়ৰ আইচুলেচন কোঠাত মৃতদেহৰ সৈতে উদ্ধাৰ হৈছিল দুজনকৈ জীৱিত ৰোগী ৷ এই ঘটনাৰ পাছতে তিনিচুকীয়াৰ লগতে সমগ্ৰ অসমতে সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ ৷ কোনোধৰণৰ চিকিৎসা প্ৰদান নকৰি উদ্ধাৰ হোৱা ৰোগী দুজনক মৃত্যু হোৱা বুলি চিকিৎসালয় কৰ্তৃপক্ষই আইচুলেচন কোঠাত ৰখাৰ অভিযোগ উত্থাপিত হৈছিল ৷ ইয়াৰ পাছতেই দেওবাৰে মন্ত্ৰী পিযুষ হাজৰিকাই সমগ্ৰ ঘটনাৰ বুজ লয় আৰু সাংবাদিকৰ আগত জনায় এয়া কোনো ডাঙৰ ঘটনা নহয় ৷ আনকি, কিছুমান সংবাদ মাধ্যমে ভুলকৈ বাতৰি পৰিবেশন কৰিছে বুলিও মন্তব্য কৰে মন্ত্ৰী হাজৰিকাই ৷

Intro:STORY:-তিনিচুকীয়াৰ লোকপ্ৰিয় গোপিনাথ বৰদলৈ অসামৰিক চিকিৎসালয়ত উপস্থিত অসমৰ ৰাজ্যিক মন্ত্ৰী স্বাস্থ্য মন্ত্ৰী পিজুষ হাজৰিকা।

Body:OC/VO:-তিনিচুকীয়াৰ লোকপ্ৰিয় গোপিনাথ বৰদলৈ অসামৰিক চিকিৎসালয়ত দেওবাৰে উপস্থিত হয় অসমৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিজুষ হাজৰিকা।চিকিৎসালয় খনিত উপস্থিত হৈয়ে মন্ত্ৰীগৰাকীয়ে পোনপ্ৰথমে চিকিৎসালয়ৰ আইচুলেচন কোঠাটি পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে যোৱা দুদিন পূৰ্বে এটা মৃতদেহৰ সৈতে দুজনকৈ ৰোগীক জীৱিত অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই তিব্ৰ চাঞ্চল্য সৃষ্টি কৰিছিল সমগ্ৰ অসমতে।উকট গোন্ধ আৰু লেতেৰা অপৰিস্কাৰ আইচুলেচন কোঠাত দুই জীৱিত ৰোগীক কোনোধৰণৰ চিকিৎসা প্ৰদান নকৰি দুয়োগৰাকী ৰোগী মৃত্যু হোৱা বুলি চিকিৎসালয় কতৃপক্ষই ৰাখি থোৱা কাৰ্যক কঠোৰ সমালোচনাৰ সন্মুখীন হৈছিল চিকিৎসালয় কতৃপক্ষ৷ ইফালে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত চিকিৎসালয়খনৰ অধীক্ষক এন চি মহন্তই নিজৰ ব্যৰ্থতা স্বীকাৰ কৰিছে সংবাদ মাধ্যমৰ আগত৷
ইফালে ঘটনাৰ সন্দৰ্ভত তাৎক্ষণিক প্ৰতিক্ৰিয়া ব্যক্ত কৰি সংবাদ মাধ্যমত প্ৰকাশিত মৰ্গৰ মৃতদেহ লগত জীৱিত ৰোগী ৰখা হোৱা নাই,আইচুলেচন কোঠাত ৰখা হৈছিল বুলি মন্তব্য কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই ।মন্ত্ৰীগৰাকীও সমগ্ৰ ঘটনাৰ ওপৰত সমূৰ্ণ তদন্ত কৰি কিছুমান সংবাদ মাধ্যমে ভুলকৈ বাতৰি পৰিবেশন কৰাৰ বাবে দুখ প্ৰকাশ কৰে।তেখেতে উক্ত মৃতাদেহতি মৰ্গত মৃত্যু নাই হোৱা বুলি কয়, কিন্তু চিকিৎসালয় খনিত মৰ্গৰ বনোৱাৰ ব্যৱস্থাৰ ক্ষেত্ৰত কোনো ভাষ্য প্ৰদান নকৰি ,সমগ্ৰ ঘটনাৰ বাবে সংবাদ মাধ্যমকে জগৰীয়া কৰিলে।এই সমগ্ৰ কাৰ্যসূচীত মন্ত্ৰী গৰাকীৰ সৈতে হোজাই সমষ্টিৰ বিধায়ক শিলাদিত দেৱ আৰু তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণো উপস্থিত থাকে।

BYET:- পিয়ুষ হাজৰিকা,মন্ত্ৰীConclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত অসম৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.