ETV Bharat / city

আঞ্চলিক পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

author img

By

Published : Aug 29, 2020, 10:33 PM IST

ডুমডুমাৰ হাপজানত ১৩ গৰাকীকৈ আঞ্চলিক পঞ্চায়তৰ সদস্যই আঞ্চলিক পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰে ৷ সভাপতি জনে নিজ খেয়াল-খুচিমতে কাম কৰাৰ অভিযোগ কৰে পঞ্চায়তৰ সদস্য সকলে ৷

Panchayat Members Protest Against Panchayat President At Dumduma
ডুমডুমাৰ হাপজানত আঞ্চলিক পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ গ্ৰহণ

ডুমডুমা, 29 আগষ্টঃ হাপজান উন্নয়ণ খণ্ডৰ অন্তৰ্গত ১৬ খনকৈ পঞ্চায়তৰ ১৩ গৰাকী সদস্যই আঞ্চলিক পঞ্চায়তৰ সভাপতি ৰূপকুমাৰ তাঁতীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰিছে । শুকুৰবাৰে ডুমডুমাৰ হাপজানত অনুষ্ঠিত কৰা এক সংবাদমেলত সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰাৰ কথা ৰাজহুৱা কৰে হাপজান উন্নয়ণ খণ্ডৰ অন্তৰ্গত ১৩ গৰাকীকৈ আঞ্চলিক পঞ্চায়তৰ সদস্যই ।

প্ৰায় দুবছৰীয়া কাৰ্যকালত সভাপতি ৰূপকুমাৰ তাঁতীয়ে সদস্য সকলক আস্থাত নোলোৱাকৈ নিজ খেয়াল-খুচিমতে কামসমূহ কৰাৰ অভিযোগ কৰি সভাপতিগৰাকীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰা বুলি সংবাদমেলখনত উল্লেখ কৰে । উল্লেখযোগ্য যে, হাপজান উন্নয়ণ খণ্ডৰ অন্তৰ্গত দৈমুখীয়া, বাঘজন, দৈদামকে ধৰি মুঠ ১৬ টা পঞ্চায়তত হাপজান উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ণ বিষয়া হেৰী পৌল ফাৰ্ণাণ্ডেজে এম. জি. এনৰেগা আঁচনিত ১ কোটি ৩৩ লাখ টকাৰ দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰি আঞ্চলিক পঞ্চায়তৰ সভাপতি ৰূপকুমাৰ তাঁতীয়ে ডুমডুমা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল ।

এইক্ষেত্ৰত আঞ্চলিক পঞ্চায়তৰ সভাপতি ৰূপকুমাৰ তাঁতীয়ে ন্যস্ত স্বাৰ্থ জড়িত লোকৰ প্ৰৰোচনাত পৰি এনে কাৰ্য কৰাৰ অভিযোগ কৰিছে এই সকল সদস্যই । আঞ্চলিক পঞ্চায়তৰ সভাপতি ৰূপকুমাৰ তাঁতীৰ বিৰুদ্ধে আন কেতবোৰ অভিযোগ আনি তেওঁৰ বিৰুদ্ধে মুঠ ১৬ গৰাকী সদস্যৰ ১৩ গৰাকী সদস্যই অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰিছে । ইফালে, সভাপতিগৰাকীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰাৰ ক্ষেত্ৰত ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকনে হেঁচা দিয়াৰ লগতে অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়া বুলি উত্থাপিত হোৱা অভিযোগ সম্পূৰ্ণৰূপে খণ্ডন কৰে আঞ্চলিক পঞ্চায়তৰ সদস্য সকলে ।

লগতে পঢ়ক- হাফলঙত আৰক্ষীৰ জালত ড্ৰাগছ সহ দুই সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.