ETV Bharat / city

কাকপথাৰত মৰাণ ছাত্ৰ সন্থাৰ অইলৰ গাড়ী অৱৰোধ

author img

By

Published : Dec 22, 2020, 5:00 PM IST

ডিৰাক আঞ্চলিক মৰাণ ছাত্ৰ সন্থাই ডিৰাক সোনজান পথাৰত চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশলৈ যোৱা অইলৰ গাড়ীসমূহ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

কাকপথাৰত মৰাণ ছাত্ৰ সন্থাৰ অইলৰ গাড়ী অৱৰোধ
কাকপথাৰত মৰাণ ছাত্ৰ সন্থাৰ অইলৰ গাড়ী অৱৰোধ

শদিয়া, 22 ডিচেম্বৰ : অসমৰ অন্যতম ভূমিপুত্ৰ জনগোষ্ঠী মৰাণ সকলক অইল ইণ্ডিয়া লিমিটেডে কৰি অহা বঞ্চনা, প্ৰতাৰণাৰ বিৰুদ্ধে অইলৰ উৎপাদন, খনন, পৰিবহণ বন্ধ কাৰ্যসূচী ঘোষণা কৰিছে মৰাণ ছাত্ৰ সন্থাই ৷ সেইমৰ্মে ডিৰাক আঞ্চলিক মৰাণ ছাত্ৰ সন্থাই ডিৰাক সোনজান পথাৰত চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশলৈ যোৱা অইলৰ গাড়ীসমূহ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰাজ্যখনৰ তেল ডিপোসমূহলৈ যোৱা গাড়ীসমূহ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ৰখাই তেওঁলোকৰ দাবীসমূহ পূৰণ কৰিবলৈ দাবী জনায় ৷ অনতিপলমে তেওঁলোকৰ দাবীসমূহ অইল কৰ্তৃপক্ষই মানি নল'লে ইয়াতকৈ ভয়ংকৰ কাৰ্যসূচী লোৱাৰ হুংকাৰ দিছে সংগঠনটোৱে ৷

লগতে পঢ়ক : চিৰাঙৰ লাউক্ৰীগুৰিবাসীৰ খোৱাপানীৰ সমস্যা সমাধানৰ আশ্বাস প্ৰমোদ বড়োৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.