ETV Bharat / city

ন-দিহিং নৈ গৰাখহনীয়া ৰোধৰ বাবে চৰকাৰক দাবী মৰাণ ছাত্ৰ সন্থা আৰু চাহ জনজাতি ছাত্ৰ সন্থাৰ - চাহ জনজাতি ছাত্ৰ সন্থা

শদিয়া সমষ্টিৰ হাঁহখাটি পঞ্চায়তৰ সমস্যা সন্দৰ্ভত মৰাণ ছাত্ৰ সন্থা আৰু চাহ জনজাতি ছাত্ৰ সন্থাৰ সংবাদমেল ৷ ১৫দিনৰ ভিতৰত সমস্যা সমাধানৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰিলে আন্দোলনৰ হুংকাৰ সংগঠন দুটাৰ ৷

Moran Students Union and Tea Tribes Students union press meet at sadia
ন-দিহিং নদীৰ গৰাখহনীয়া ৰোধ কৰিবলৈ চৰকাৰক দাবী মৰাণ ছাত্ৰ সন্থা আৰু চাহ জনজাতি ছাত্ৰ সন্থাৰ
author img

By

Published : Oct 29, 2021, 7:12 AM IST

শদিয়া, 29 অক্টোবৰ : ন-দিহিং নদীৰ গৰাখহনীয়া ৰোধ কৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰিছে মৰাণ ছাত্ৰ সন্থা আৰু চাহ জনজাতি ছাত্ৰ সন্থাই ৷ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ হাঁহখাটি গাঁও পঞ্চায়তৰ বিভিন্ন সমস্যা সন্দৰ্ভত বৃহস্পতিবাৰে ছাত্ৰ সংগঠন দুটাই এখন সংবাদমেলৰ আয়োজন কৰি চৰকাৰক এই দাবী জনায় ৷ মৰাণ ছাত্ৰ সন্থা আৰু চাহ জনজাতি ছাত্ৰ সন্থাই স্থানীয় সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰে এই সংবাদমেল ৷

ন-দিহিং নদীৰ গৰাখহনীয়া ৰোধ কৰিবলৈ চৰকাৰক দাবী মৰাণ ছাত্ৰ সন্থা আৰু চাহ জনজাতি ছাত্ৰ সন্থাৰ

সংবাদমেলত গৰাখহনীয়া ৰোধৰ লগতে ওপৰ লাউপানীৰ পৰা ডিৰাক চুমনিলৈকে মথাউৰিৰ আধাৰুৱা কাম সম্পূৰ্ণ কৰা, হাঁহখাটি নেপালী গাঁৱৰ পৰা ডিৰাক চাৰিআলিলৈ যোৱা গড়কাপ্তানী পথটোৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা, হাঁহখাটি পঞ্চায়তৰ অধীনস্থ খেতি পথাৰতসমূহত জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ বাবেও চৰকাৰক দাবী জনায় ৷ ইয়াৰ উপৰি টেঙাপানী ন-দিহিং নদীৰ ওপৰত পকী দলং নিৰ্মাণ কৰা, বজালতলি গাঁৱৰ বে-চৰকাৰী প্ৰাথমিক বিদ্যালয় চৰকাৰীকৰণ, ডিৰাক মুখত মধ্য আৰু উচ্চ বিদ্যালয় নিৰ্মাণ, ডিৰাক মুখ বনগাঁৱৰ খেলপথাৰত চাহ জনগোষ্ঠীৰ কলা-কৃষ্টি কেন্দ্ৰ স্থাপন কৰাৰ লগতে বাগানৰ মাটিসমূহ বসতি মানুহৰ নামত নামজাৰি কৰাৰ ব্যৱস্থা কৰাৰ বাবে চৰকাৰক দাবী জনায় সংগঠন দুটাই ৷

মৰাণ ছাত্ৰ সন্থা আৰু চাহ জনজাতি ছাত্ৰ সন্থাই স্থানীয় বিধায়ক তথা জন প্ৰতিনিধিসকলক আহি পঞ্চায়তৰ এলেকাসমূহ পৰিদৰ্শন কৰি সমস্যাসমূহ সমাধানৰ বাবে 15 দিনৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়ে ৷ অন্যাথা ৰাজপথলৈ এই আন্দোলন লৈ যোৱাৰ হুংকাৰ দিয়ে সংগঠন দুটাই ৷

লগতে পঢ়ক : মূল্যবৃদ্ধিক লৈ কি ক'লে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.