ডুমডুমা, 27 আগষ্ট : 'গ্ল'বেল স্পৰ্টছ কাৰাটে - ডু ইণ্ডিয়া'ৰ উদ্যোগত অনুষ্ঠিত দ্বিতীয় আন্তৰাষ্ট্ৰীয় অ'পেন কাৰাটে চেম্পিয়নশ্বিপ, 2019 ত সফলতা অৰ্জন কৰিছে এগৰাকী অসম সন্তানে ৷ হায়দৰাবাদত অনুষ্ঠিত টুৰ্ণামেন্ট খনৰ কাটা (KATA) শাখাত প্ৰথম স্থান লাভ কৰিছে তিনিচুকীয়া জিলাৰ ফিল'বাৰী বিজুলীবনৰ মনালিছা নেৱাৰে ৷ হায়দৰাবাদৰ কৌটলা বিজয়া ভাস্কৰ ৰেড্ডী ইণ্ডোৰ ষ্টেডিয়ামত 24 আৰু 25 আগষ্টত অনুষ্ঠিত মেচত শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে খেলুৱৈ গৰাকীয়ে ৷
![দ্বিতীয় আন্তৰাষ্ট্ৰীয় অ'পেন কাৰাটে চেম্পিয়নশ্বিপ, 2019](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-ddm-801-27aug-karate-photo10-bhaskar-dahal-asc10048_27082019110354_2708f_1566884034_1060.jpg)
উল্লেখ্য যে, মনালিছা নেৱাৰ হৈছে ফিল'বাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ইন্দ্ৰ নেৱাৰৰ কন্যা । আনহাতে, মনালিছা ডুমডুমা ডনবস্ক' স্কুলৰ ছাত্ৰী ৷
![দ্বিতীয় আন্তৰাষ্ট্ৰীয় অ'পেন কাৰাটে চেম্পিয়নশ্বিপ, 2019](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-ddm-801-27aug-karate-photo10-bhaskar-dahal-asc10048_27082019110354_2708f_1566884034_72.jpg)