তিনিচুকীয়া, 17 জুলাই: তিনিচুকীয়াত পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনা ৷ কোনো ভ্ৰমণ বৃত্তান্ত নথকা মাকুম আৰক্ষী থানাৰ 22 গৰাকী আৰক্ষী কৰ্মীৰ লগতে এগৰাকী গাঁওৰক্ষী বাহিনীৰ কৰ্মীৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ অৱস্থিতি ৷ কৰ’ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰাইজৰ স্বাৰ্থত কৰ্মৰত 23 গৰাকীকৈ আৰক্ষীৰ দেহত কৰ’ণা ধৰা পৰাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ মাকুম অঞ্চলত ।
কৰ’ণা পজিটিভ ধৰা পৰা আটাইকেইগৰাকী আৰক্ষীক ইতিমধ্যে তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰিছে জিলা স্বাস্থ্য বিভাগে । উল্লেখ্য যে,ইয়াৰ পূৰ্বে মাকুমৰ নিবাসী,শদিয়াৰ বিধায়ক বলিন চেতিয়াৰ লগতে পুত্ৰকো পোৱা গৈছিল কৰ’ণা পজিটিভ ।
লগতে চাওক-শোণিতপুৰত 504 গৰাকীলৈ বৃদ্ধি কৰ’ণা আক্ৰান্তৰ সংখ্যা